Local, Vocal, Global

8 Unique Products Earn Prestigious GI Tag : অসমৰ আঠবিধকৈ সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ

নিউজ ডেস্ক,৩অক্টোবৰ : অসমবাসীৰ বাবে ভাল খবৰ । অসমৰ আঠবিধকৈ সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ (GI TAG) । বড়ো জনগোষ্ঠীৰ ৮ বিধ সামগ্রীলৈ জি আই টেগ। ইয়াৰ ভিতৰত আছে পৰম্পৰাগত বস্ত্র, থলুৱা খাদ্য, থলুৱা পানীয়। GI টেগ লাভ কৰিছে বড়োসকলৰ জনপ্রিয় বস্ত্র আৰনায়ে। বড়োসকলৰ পৰম্পৰাগত আৰ’নাইলৈ জি আই টেগৰ স্বীকৃতি( 8 Unique Products Earn Prestigious GI Tag)।

জি আই টেগ লাভ কৰিছে কেইবাবিধো জনগোষ্ঠীয় খাদ্য আৰু পানীয়ই । বড়োসকলৰ কেইবাবিধো পৰম্পৰাগত পানীয়লৈ জি আই টেগৰ স্বীকৃতি । বড়ো জৌ গৈৰান, মাইব্ৰা জৌ বিদৈ আৰু বড়ো জৌ গিচিলৈ জি আই টেগ ।

আনহাতে শুকান মাছৰ পৰা প্ৰস্তুত কৰা খাদ্য বড়ো নাফামলৈয়ো জি আই টেগৰ স্বীকৃতি ।ভৌগোলিক সূচাংক তালিকাত অন্তৰ্ভুক্ত বড়োসকলৰ পৰম্পৰাগত খাদ্য অনলা । বড়োসকলৰ পৰম্পৰাগত খাদ্য বড়ো গৌখা আৰু বড়ো নাজিলৈয়ো জি আই টেগৰ স্বীকৃতি প্ৰদান ।

স্বাভৱিকতে দুৰ্গা পূজাৰ প্ৰাকক্ষণত এই স্বীকৃতিয়ে অসমবাসীৰ লগতে সমগ্ৰ বড়ো জনগোষ্ঠীক গৌৰৱাম্বিত কৰিছে । লক্ষণীয় বিষয় যে বিগত সময়ত বিহুৰ পূৰ্বে অসমৰ পৰম্পৰাগত ১২ বিধকৈ সামগ্ৰীয়ে জি আই টেগৰ স্বীকৃতি লাভ কৰিছিল ।

লগতে পঢ়ক :Student goes missing : হোজাইত সন্ধানহীন স্কুলীয়া ছাত্ৰী;১৫ দিন ধৰি সন্ধানহীন মণিকা দাস