Local, Vocal, Global

Potters busy making durga murti in Abhayapuri : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন; অভয়াপুৰীত দুৰ্গা প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎশিল্পী

অভয়াপুৰী,৩০ছেপ্টেম্বৰ : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দুৰ্গোৎসৱৰ ব্য়াপক প্ৰস্তুতি । মৃৎশিল্পীসকলৰো বিৰামহীন ব্যস্ততা।

সমগ্ৰ দেশৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ মৃৎশিল্পীৰ গাওঁ বুলি পৰিচিত শিৱপুৰৰ মৃৎশিল্পী সকল ব্যস্ত হৈ পৰিছে দুৰ্গা দেৱীৰ মৃন্ময় প্ৰতিমা নিৰ্মাণত।

প্ৰতিমা নিৰ্মাণত ব্যৱহৃত মাটি,খেৰ, বাহ,কাঠ,সুতুলি আদি সামগ্ৰী চৰাদামত কিনিবলগীয়া হৈছে মৃৎশিল্পী সকলে। এটা দুৰ্গাদেৱীৰ প্ৰতিমা নিৰ্মানত প্ৰায় ১০ হেজাৰ টকা ব্যয় হোৱাৰ বিপৰীতে মৃৎশিল্পী সকলে এটা প্ৰতিমা বিক্ৰী কৰি লাভ কৰে ১৮/২০ হেজাৰ টকা(Potters busy making durga murti in Abhayapuri)।

শাৰদীয় দুৰ্গোৎসৱৰ সময়ছোৱাত উক্ত অঞ্চলৰ পৰাই জিলা খনৰ লগতে বহি:জিলাৰ বিভিন্ন স্থানলৈ যোগান ধৰা হয় দুৰ্গাদেৱীৰ মৃন্ময় প্ৰতিমা।

বিগত ৬০ বছৰ ধৰি প্ৰতিমা নিৰ্মাণৰ কামত নিয়োজিত হৈ থকা এই শিল্পী সকলে আজি লৈকে লাভ নকৰিলে কোনো চৰকাৰী অনুদান। চৰকাৰৰ সহাৰি অবিহনে সীমিত সা-সুবিধাৰ মাজত মৃন্ময় প্ৰতিমা নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ মৃৎশিল্পী সকলে।

লগতে পঢ়ক : Durga Puja 2024:৩০ ছেপ্টেম্বৰৰ ভিতৰত সকলো শ্ৰেণীৰ যান-বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি ৰাজপথত পথ-সুৰক্ষা নিশ্চিত কৰাৰ আহ্বান পৰিবহণ বিভাগৰ