Local, Vocal, Global

Northeast Frontier Railway to operate 26 festival special trains : উৎসৱৰ বতৰত প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই আগবঢ়াইছে ২৬ খন বিশেষ ৰে’লৰ সুবিধা

নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ: শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দুৰ্গোৎসৱৰ ব্য়াপক প্ৰস্তুতি । লগতে দীপাৱলী আৰু ষঠ পূজা । উৎসৱৰ বতৰত প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলৰ সুবিধাৰ কেবাখনো বিশেষ ৰে’ল চলোৱাৰ পৰিকল্পনা কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৷ অহা ১ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ২৬ খন বিশেষ ৰে’ল চলাবলৈ সাজু কৰা হৈছে(Northeast Frontier Railway to operate 26 festival special trains) ৷

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়াৰ মতে, এই বিশেষ ৰে’লসমূহে যাত্ৰা পথত থকা অমৃতসৰ, বেংগালুৰু, গোৰখপুৰ, প্ৰয়াগৰাজ, কলকাতা, আনন্দ বিহাৰ, শ্ৰী গংগানগৰ আদি গুৰুত্বপূৰ্ণ গন্তব্যস্থানসমূহৰ লগতে আন আন গুৰুত্বপূৰ্ণ গন্তব্যস্থানসমূহকো সামৰি ল’ব ।

উৎসৱ বিশেষ এই ৰে’লসমূহে এই সময়ছোৱাত জ’নৰ ভিতৰত আন্তঃসংযোগ বৃদ্ধি কৰি আগৰতলা, নাহৰলগুন, শিলচৰ, নিউ তিনিচুকীয়া, ডিব্ৰুগড়, কাটিহাৰ আদি অঞ্চলকে ধৰি অন্যান্য কাষৰীয়া অঞ্চলসমূহলৈও যাত্ৰা কৰিব ।

এই উৎসৱসমূহৰ সময়ত এইবাৰ ২৫৪ টা ভ্ৰমণৰ বাবে ২৬ খন বিশেষ ৰে’লৰ প্ৰস্তাৱ উত্তৰ-পূব সীমান্ত ৰে’লৱেই আগবঢ়াইছে । ২০২৩ চনৰ তুলনাত চলিত বৰ্ষত উত্তৰ-পূব সীমান্ত ৰে’লৱেই উৎসৱৰ বতৰত ৰে’ল আৰু ভ্ৰমণৰ সংখ্যা প্ৰায় দুগুণ কৰিবলৈ সক্ষম হৈছে । ভাৰতীয় ৰে’লৱেই প্ৰতি বছৰে উৎসৱৰ সময়ত বিশেষ ৰে’ল চলায়, সেই অনুসৰি আগন্তুক উৎসৱৰ বতৰৰ বাবে এই বছৰ ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা নৱেম্বৰলৈকে ৬ হাজাৰৰো অধিক বিশেষ ৰে’ল চলাচল কৰাৰ কথা ।

উল্লেখযোগ্য যে দুৰ্গা পূজা, দীপাৱলী আৰু ষঠ পূজাৰ সময়ত লাখ লাখ যাত্ৰীয়ে দেশজুৰি যাত্ৰা কৰে । সেয়ে এই সময়ছোৱাত বিশেষ ৰে’লৰ চলাচল বহু পৰিমাণে বৃদ্ধি কৰা হৈছে, যাতে যাত্ৰীসকলৰ ভ্ৰমণ সুচল কৰিব পৰা যায় ৷ ৰে’লৱেৰ বিবৃতিটো এই কথা কোৱা হৈছে ৷

চিপিআৰঅ’ৰ বিবৃতিত উল্লেখ কৰা অনুসৰি এই উৎসৱসমূহে জনসাধাৰণৰ বাবে কেৱল ধৰ্মীয় তাৎপৰ্যকেই নহয়, পৰিয়ালৰ সৈতে পুনৰ মিলনৰ এক গুৰুত্বপূৰ্ণ সুযোগো প্ৰদান কৰে । উৎসৱৰ বতৰত যাত্ৰীৰ প্ৰচণ্ড ভিৰৰ বাবে বেছিভাগ ৰে’লেই দুমাহৰ পৰা তিনিমাহ আগতেই টিকট ৰিজাৰ্ভেশ্যনৰ তালিকাত সোমোৱা দেখা যায় । ইয়াৰ সমাধানৰ বাবে ভাৰতীয় ৰে’লৱেই এইবাৰ উৎসৱৰ বতৰত পুনৰবাৰ বিশেষ ৰে’ল চলাইছে ।

লগতে পঢ়ক :‘Mann ki Baat’ completes 10 years: ‘মন কি বাত’ ৰ ১০ বছৰ সম্পূৰ্ণ