Local, Vocal, Global

Rhino Attack Leaves Biker Dead in Pobitora : পবিতৰাত গঁড়ৰ আক্ৰমণত বাইক আৰোহীৰ মৃত্যুৰ পিছতে বনকৰ্মীৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজ

নিউজ ডেস্ক,৩০ছেপ্টেম্বৰ : পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা গঁড়ৰ আক্ৰমণত বাইক আৰোহীৰ মৃত্যুৰ পিছতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্য়ৰ । ক্ষুদ্ধ হৈ পৰে স্থানীয় ৰাইজ। উত্তেজিত ৰাইজে বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ লগতে থকা চৰকাৰী আৱাস লৈ ৰাওনা হয়। বন বিষয়াক নিলম্বন, বদলি আৰু গ্ৰেপ্তাৰৰ দাবী তোলে উত্তেজিত লোক সকলে। লগতে ৰাইজে মৃত লোক জনৰ উপযুক্ত ক্ষতিপুৰণ বিচাৰে(Rhino Attack Leaves Biker Dead in Pobitora)।

পবিতৰাৰ বন্য প্ৰাণীৰ সুৰক্ষাৰ বাবে আৰু এই অঞ্চলৰ ৰাইজৰ সুৰক্ষাৰ বাবে বন বিষয়া নয়ন জ্যোতি দাস কোনো পধ্যেই উপযুক্ত নহয় বুলি কৰ্তব্যৰত বিষয়া গৰাকীৰ বিৰুদ্ধে যথেষ্ট অভিযোগ উত্থাপন কৰে ৰাইজে। উল্লেখ্য যে, পবিতৰাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ পৰা দুশ মিটাৰ দূৰৈত সংঘটিত হোৱা এই ঘটনাৰ খৱৰ লবলৈ সময় নহ’ল বন বিষয়া নয়নজ্যোতি দাস আৰু বন ৰক্ষী সকলৰ।মৃতদেহ পথৰ কাষতে পৰি থকাৰ দুঘন্টা পিছতো বনাঞ্চলিক বিষয়া গৰাকী উপস্থিত নহ’ল।ইয়াৰ পিছতেই পৰিস্থিতি ক্ৰমাত উত্তপ্ত হৈ পৰে।

ৰাইজৰ দাবী সমূহ জিলা আয়ুক্তৰ সৈতে আলোচনা কৰি ব্যৱস্থা হাতত লোৱাৰ আশ্বাস প্ৰদান কৰাৰ পিছতেই ক্ষোভিত জনতা পুনৰ মৃতদেহ টোৰ কাষলৈ ৰাওনা হয়।ঘটনাস্থলীৰ পৰা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

লগত পঢ়ক :Ex-student leader Sunil Das passes away :প্ৰাক্তন ছাত্ৰ নেতা সুনীল দাসৰ দেহাৱসান