Strict guidelines issued for e-rickshaws : ই-ৰিক্সাৰ চালক আৰু গৰাকীৰ বাবে জৰুৰী খবৰ
নিউজ ডেস্ক,২৯ছেপ্টেম্বৰ : ই-ৰিক্সাৰ চালক আৰু গৰাকীৰ বাবে জৰুৰী খবৰ ।
ই-ৰিক্সাক লৈ কঠোৰ নিৰ্দেশনা(Strict guidelines issued for e-rickshaws) ।
নিৰ্দেশনা অনুসৰি…
যধে মধে,য’তে ত’তে চলাব নোৱাৰিব ই-ৰিক্সা ।
তিনিআলি, চাৰিআলিত এতিয়াৰে পৰা মন গ’লে ৰখাব নোৱাৰিব ই-ৰিক্সা।
য’তে-ত’তে ৰখাব নোৱাৰিব ই-ৰিক্সা।
ল’ব নোৱাৰিব ১০টকাতকৈ অধিক ভাড়া!
পৌৰসভাই নিৰ্ধাৰণ কৰি দিয়া পথতহে চলিব ই-ৰিক্সা ।
নিচাযুক্ত দ্ৰৱ্য সেৱন কৰি চালকে চলাব নোৱাৰিব ই-ৰিক্সা ।
চালকৰ আসনৰ কাষত বহুৱাব নোৱাৰিব কোনো যাত্ৰীক ।
প্ৰতিটো সময়তে চালকে ৰাখিব লাগিব অনুজ্ঞাপত্ৰ ।
অন্যথা ভৰিব লাগিব ৫০০টকা জৰিমনা ।
নিৰ্ধাৰিত নিৰিখতকৈ ল’ব নোৱাৰিব অধিক ভাড়া
প্ৰথম ১কিলোমিটাৰত ১০টকা ।পৰৱৰ্তী প্ৰতি কিঃমিটাৰত ৫টকাকৈ ল’ব পাৰিব ভাড়া ।
৫জনতকৈ অধিক যাত্ৰী উঠাব নোৱাৰিব ই-ৰিক্সাত ।
নিয়ম ভংগ কৰিলেই ভৰিব লাগিব জৰিমনা ।
নগাঁও জিলাৰ ই-ৰিক্সাৰ বাবে পৌৰসভাই জাৰি কৰিলে জাননী ।
লগতে পঢ়ক : World Heart Day 2024: আজি বিশ্ব হৃদয় দিৱস