Local, Vocal, Global

Assam CM Himanta Biswa Sarma big Announcement : দুৰ্গা পূজাৰ প্ৰাকক্ষণত অসম চৰকাৰৰ বিশেষ ঘোষণা

নিউজ ডেস্ক,২৯ছেপ্তেম্বৰ : দুৰ্গা পূজাৰ প্ৰাকক্ষণত অসম চৰকাৰৰ বিশেষ ঘোষণা ।

অসম চৰকাৰে প্ৰতিখন দুৰ্গা পূজা সমিতিলৈ আগবঢ়াব বিত্তীয় সাহায্য।

শনিবাৰে নিশা এক ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে।

ৰাজ্যৰ পূজা সমিতিসমূহক ৰাজ্য চৰকাৰৰ বিত্তীয় সাহায্যৰ বাবে জিলা আয়ুক্তৰে যোগাযোগ কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Assam CM Himanta Biswa Sarma big Announcement)।

মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি- কেৱল পূজা সমিতি বা বিহু সমিতিয়ে নহয়, ভাওনাৰ সময়তো বিত্তীয় সাহায্য আগবঢ়াব অসম চৰকাৰে।

অসম চৰকাৰে অসমৰ প্ৰতিটো উৎসৱৰ সময়ত জনসাধাৰণৰ লগত যাতে উৎসৱ পালন কৰিব পাৰে তাৰ বাবে অসম চৰকাৰে এই আঁচনি গ্ৰহণ কৰিছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই আঁচনিয়ে চৰকাৰক ৰাইজৰ ওচৰলৈ লৈ যোৱাত আৰু অধিক সহায় কৰিব বুলি আত্মবিশ্বাসী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

লগতে পঢ়ক :Man killed in Rhino attack :পবিতৰাত গড়ৰ আক্ৰমণত মৃত্যু বাইক আৰোহীৰ