Road Accident In UP :মৰ্মান্তিক দুৰ্ঘটনা;একেলগে কৰুণ মৃত্যু মাতৃ-কন্যাৰ

নেশ্যনেল ডেস্ক,২৯ছেপ্তেম্বৰ : এক মৰ্মান্তিক দুৰ্ঘটনা । একেলগে মৃত্য়ু শিশুসহ মাতৃৰ ।
উত্তৰ প্ৰদেশত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । উত্তৰ প্ৰদেশত ট্ৰাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ।
সংঘৰ্ষত এটি শিশুসহ মাতৃৰ কৰুণ মৃত্যু। সংকটজনক অৱস্থা পিতৃৰ লগতে আন এটি শিশু(Road Accident In UP)।
জানিব পৰা মতে, এখন বাইকেৰে দুই শিশুৰ সৈতে গৈ আছিল পিতৃ-মাতৃ। বিপৰীত দিশৰ পৰা আহি আছিল এখন তীব্ৰবেগী ট্ৰাক । তীব্ৰবেগেৰে আহি থকা ট্ৰাকখনে খুন্দা মাৰে বাইকখনত। ফলত দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় মাতৃ আৰু শিশুটিৰ।ইফালে আহত হয় পিতৃ আৰু আনটি শিশুক । আহত পিতৃ আৰু শিশুটিক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিত্সালয়ত ভৰ্তি কৰোৱা হয়। কাছগঞ্জৰ ঘাইপথত সংঘটিত হয় এই কৰুণ ঘটনা।
লগতে পঢ়ক :Assam Youth Goes Missing : কেৰালাত সন্ধানহীন জুৰীয়াৰ ধিংবড়ি পথাৰৰ আৰিফ ৰব্বানী