Bus-Truck Collision In Maihara : বাছ-শিলভৰ্তি ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত ৯জন, আহত ২০জন

নেশ্যনেল ডেস্ক,২৯ছেপ্তেম্বৰ : মধ্যপ্ৰদেশৰ মাইহাৰাত ভয়ংকৰ দুৰ্ঘটনা। বাছ-শিলভৰ্তি ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ । ফলত নিহত ৯জন।গুৰুতৰভাৱে আহত ২০জনৰো অধিক( 9 Killed, 20 Injured In Bus-Truck Collision In Maihara) ।
আৰক্ষীয়ে জনোৱা অনুসৰি, প্ৰয়াগৰাজৰ পৰা নাগপুৰ অভিমুখে গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত বাছখন । শনিবাৰে নিশা ১১ বজাৰ ওচৰত জিলা সদৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত নদন দেহাট থানাৰ সমীপত ৰখাই থোৱা শিলভৰ্তি ডাম্পাৰ ট্ৰাকখনৰ সৈতে খুন্দা মাৰে।ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো( 9 Killed, 20 Injured In Bus-Truck Collision In Maihara)।
সংবাদ সংস্থা পিটিআইৰ আগত আৰক্ষী অধীক্ষকে মাইহাৰ, সুধিৰ আগৰৱালাই জনোৱা অনুসৰি , আহতসকলৰ ভিতৰত ৬ জন লোকৰ অৱস্থা সংকটজনক । সংকটজনক লোককেইজনক সতনালৈ প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে বাকীসকল মাইহাৰ আৰু অমৰপাটান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
লগতে পঢ়ক :Nepal Floods: নেপালত ভয়ংকৰ ৰূপ লৈছে বান পৰিস্থিতি আৰু ভূমিস্খলনে ;নিহত ৬৬ জনৰো অধিক