Local, Vocal, Global

Nepal Floods: নেপালত ভয়ংকৰ ৰূপ লৈছে বান পৰিস্থিতি আৰু ভূমিস্খলনে ;নিহত ৬৬ জনৰো অধিক

নিউজ ডেস্ক,২৯ছেপ্তেম্বৰ : ৰুষ্ট প্ৰকৃতিৰ ৰোষত নেপাল । নেপালত হোৱা ধাৰাসাৰ বৰষুণৰ পিছতে ভয়ংকৰ ৰূপ লৈছে বান পৰিস্থিতি আৰু ভূমিস্খলনে । ইতিমধ্যে ভয়াবহ বান আৰু ভূমিস্খলনত মৃত্যুক সাৱটিছে ৬৬ জনকৈ লোকে(66 dead and dozens missing in floods and landslides)।

নেপাল আৰক্ষীৰ উপ-মুখপাত্ৰ বিশ্ব অধিকাৰীয়ে জনোৱা অনুসৰি, নেপালত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ৫৯ জন লোক নিহত হৈছে । ইয়াৰ ভিতৰত কাঠমাণ্ডু উপত্যকাত ৩৪ জন লোকৰ মৃত্যু হৈছে।

লগতে নেপাল আৰক্ষীৰ উপ-মুখপাত্ৰ বিশ্ব অধিকাৰীয়ে কয় যে এই ভয়ংকৰ বানৰ কৱলত পৰি ৩৬ জন লোক আহত হৈছে। তেওঁ লগতে জানিবলৈ দিয়ে যে, সমগ্ৰ দেশখনত এই বান আৰু ভূস্খলনত ৪৪ জন লোক বৰ্তমানলৈ নিৰুদ্দেশ হৈ আছে( At Least 66 Dead, Dozens Missing in Devastating Disaster)।

উল্লেখ্য যে,প্ৰকৃতিৰ ৰোষত পৰিছে নেপাল । নেপালত বহু অঞ্চলত বৃহস্পতিবাৰৰ পৰা ধাৰাসাৰ বৰষুণ হৈ আহিছে, যাৰ বাবে দুৰ্যোগ বিষয়াসকলে সতৰ্কবাণী জাৰি কৰিছে।

এই ভয়াবহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে এক জৰুৰী বৈঠকৰ আহ্বান কৰিছে নেপালৰ কাৰ্য্যবাহী প্ৰধানমন্ত্ৰী তথা নগৰ উন্নয়ন মন্ত্ৰী প্ৰকাশ মন সিঙে।

লগতে পঢ়ক :Drugs peddler arrested along with drugs : মোৰাঝাৰত বুজন পৰিমাণ ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী