Thief terror in Jamugurihat :১২ বছৰীয়া শিশুক বান্ধি লুটপাতৰ চেষ্টা দুৰ্বৃত্তৰ দলৰ

জামুগুৰিহাট,২৮ছেপ্তেম্বৰ : জামুগুৰিহাটৰ কুসুমটোলাত দিন দুপৰতে ডকাইতিৰ চেষ্টা। ১২ বছৰীয়া শিশুক বান্ধি লুটপাতৰ চেষ্টা দুৰ্বৃত্তৰ এটা দলৰ।
শনিবাৰে দিনৰ ভাগত কুসুমটোলা ব্যৱসায়িক কেন্দ্ৰস্থলৰ সমীপতে থকা পূজা আচাৰ্য্যৰ ঘৰত সংঘটিত হৈছে এই ঘটনাটো(Thief terror in Jamugurihat)।
জানিব পৰা মতে, পূজাৰ চান্দা বিচাৰি আহিছিল পূজা আচাৰ্য্য নামৰ মহিলাগৰাকীৰ ঘৰত দুৰ্বৃত্তৰ দল এটাই। পূজা আচাৰ্য্য নামৰ মহিলাগৰাকীয়ে কনিষ্ঠ পুত্ৰক বিদ্যালয়ৰ পৰা আনিবলৈ গৈছিল আৰু সেই সময়তে এই ১২ বছৰীয়া শিশুক বান্ধি লুটপাতৰ চেষ্টা চলাই দুৰ্বৃত্তৰ দলটোৱে ।কিন্তু দুৰ্বৃত্তৰ কবলৰ পৰা কৌশলৰে আঁতৰি আহিবলৈ সক্ষম হোৱা শিশুটিয়ে পিছত হূলস্থুলৰ সৃষ্টি কৰাত পলাই সাৰি যাবলৈ সক্ষম হয় দুৰ্বৃত্তৰ দলটো।
উল্লেখ্য যে জামুগুৰিহাটত চিলনী চোৰ, গৰু চোৰ আদিয়ে ৰাইজৰ নিদ্ৰা হৰণ কৰাৰ সময়তে পুনৰ দিন দুপৰতে ঘন জনবসতি অঞ্চলত সংঘটিত হোৱা এনে ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চ্যলৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক : Sensational incident : নিচাযুক্ত টেবলেট খুৱাই নাবালিকাক অপকৰ্ম লম্পটৰ