Lakhimpur rape case : লখিমপুৰত ৬০ ঊৰ্ধ্বৰ লোকৰ কামনাৰ বলি হ’ল ৬ বছৰীয়া কণমানি
নিউজ ডেস্ক,২৮ ছেপ্টেম্বৰ : লখিমপুৰত মানৱ সমাজক লজ্জনত কৰা ঘটনা ।এইবাৰ ৬০ ঊৰ্ধ্বৰ লোকৰ কামনাৰ বলি হ’ল ৬ বছৰীয়া কণমানি । মহম্মদ দুলাল বৰভূঞা নামৰ লোকজনৰ কামনাৰ বলি হ’ল কণমানি
অভিযোগ অনুসৰি, হাৰমতি আৰক্ষী চকীৰ অন্তৰ্গত ১ নং বগলীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে এখন দোকান আছে দুলাল বৰভূঞাৰ । শুকুৰবাৰে বিয়লি লোকজনে মাতি লৈ যায় কণমানিজনীক । তাৰ পিছত দোকানৰ পিচফালে নাবালিকাগৰাকীক ধৰ্ষণ কৰি পলায়ন কৰে যদিও একাংশ লোকে খেদি খেদি কৰায়ত্ত কৰে । অৱশেষত লোকসকলে আৰক্ষীক গতাই দিয়ে অভিযুক্ত দুলাল বৰভূঞাক(Lakhimpur rape case)।
ইফালে ভুক্তভোগী নাবালিকাগৰাকীৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
আৰক্ষীয়ে অভিযুক্ত দুলাল বৰভূঞাক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । ইফালে অভিযুক্তক কঠোৰ শাস্তিৰ দাবী জনাইছে অঞ্চলটোৰ ক্ষুব্ধ ৰাইজে ।
লগতে পঢ়ক :Supected Murder in Dibrugarh : ডিব্ৰুগড়ত মহিলাৰ ৰহস্যজনক মৃত্যু; স্বামীয়ে হত্যা কৰাৰ সন্দেহ