Local, Vocal, Global

Assam ADRE Exam 2024: ADRE পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে চলিব ৬খন বিশেষ ৰে’ল

নিউজ ডেস্ক,২৮ছেপ্তেম্বৰ : দেওবাৰে অনুষ্ঠিত ADRE পৰীক্ষা । ADRE পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলৰ সুবিধার্থে চলিব বিশেষ ৰে’ল। উত্তৰ-পূব সীমান্ত ৰে’লৱে’ই কৰিছে বিশেষ ৰে’লৰ ব্যৱস্থা। উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ দ্বাৰা ছখন ‘পৰীক্ষা বিশেষ ৰে’ল’ৰ পৰিচালন কৰোৱা হ’ব(Assam ADRE Exam 2024 )।

জানিব পৰা মতে,ADRE পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ সুবিধার্থে এই ৰে’লসমূহৰ পৰিচালন কৰোৱা হ’ব(NF Railway to Operate 6 Pairs of Special Trains for ADRE Exam Aspirants in Assam)…

আলিপুৰদুৱাৰৰ পৰা কামাখ্যা ষ্টেচনলৈ বিশেষ ৰে’ল

২৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৮:১০ বজাত আলিপুৰদুৱাৰৰ পৰা আহিব ৰে’লখন। ২৯ ছেপ্টেম্বৰত পুৱা ৪ বজাত কামাখ্যা ষ্টেচন পাব ৰে’লখন। বিয়লি ৩ বজাত আলিপুৰদুৱাৰ অভিমুখে উভতিব ৰে’লখন।

আলিপুৰদুৱাৰ-গুৱাহাটী ষ্টেচনৰ মাজত

আলিপুৰদুৱাৰৰ পৰা ৰে’লখন আহিব ২৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাত। ২৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত গুৱাহাটী ষ্টেচন পাব ৰে’লখন। গুৱাহাটীৰ পৰা উভতিব ২৯ ছেপ্টেম্বৰৰ আবেলি ৩:৫০ বজাত।

হাইলাকান্দি-শিলচৰৰ মাজত চলিব তৃতীয়খন বিশেষ ৰে’ল

২৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত হাইলাকান্দিৰ পৰা আহিব ৰে’লখন। শিলচৰত পুৱা ৭:১০ বজাত উপস্থিত হ’ব ৰে’লখন। বিয়লি ৩:৩০ বজাত শিলচৰৰ পৰা হাইলাকান্দিলৈ উভতিব ৰে’লখন।

মৰিয়নি-নাৰেংগীৰ মাজত চলিব চতুৰ্থখন বিশেষ ৰে’ল

২৮ ছেপ্টেম্বৰত মৰিয়নিৰ পৰা ৰে’লখন আহিব বিয়লি ৩:৩৫ বজাত। ২৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত ৰে’লখন উপস্থিত হ’ব নাৰেংগীত। নাৰেংগীৰ পৰা বিয়লি ৩:৩০ বজাত উভতিব ৰে’লখন।

আলিপুৰদুৱাৰ-নিউ বঙাইগাঁৱৰ মাজত চলিব বিশেষ ৰে’ল
২৮ ছেপ্টেম্বৰত আলিপুৰদুৱাৰৰ পৰা মাজনিশা ১২ বজাত এৰিব ৰে’লখন। নিউ বঙাইগাঁৱত উপস্থিত হ’ব ২৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৬:২০ বজাত। নিউ বঙাইগাঁৱৰ পৰা ২৯ ছেপ্টেম্বৰত ৰে’লখন এৰিব বিয়লি ৫:৫০ বজাত।

হয়বৰগাঁৱৰ পৰা গুৱাহাটীলৈ চলিব বিশেষ ৰে’ল
২৮ ছেপ্টেম্বৰৰ আবেলি ২ বজাত হয়বৰগাঁৱৰ পৰা আহিব ৰে’লখন। একেদিনাই সন্ধিয়া ৬ বজাত ৰে’লখন গুৱাহাটী ষ্টেচনত উপস্থিত হ’ব। ২৯ ছেপ্টেম্বৰৰ বিয়লি ৩ বজাত ৰে’লখন উভতিব হয়বৰগাঁৱলৈ।

লগতে পঢ়ক :Online Trading Scam : ইউটিউবাৰ হিমাশ্ৰী শইকীয়াক ডিব্ৰুগড়লৈ তলব CIDৰ