Massive fire breaks out in Laharighat :বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ৯ খনকৈ দোকান
নিউজ ডেস্ক,২৮ছেপ্তেম্বৰ : বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত ৯ খনকৈ দোকান
লাহৰীঘাটৰ ভূৰাগাঁও নতুন বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। শুকুৰবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো ।
এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিমিষতে ভস্মীভূত হয় ৯ খনকৈ দোকান। ক্ষয়-ক্ষতি হয় প্ৰায় ৫০ লাখ টকাৰ(Massive fire breaks out in Laharighat)।
এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । স্থানীয় ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণ কৰো।
বৰ্তমানলৈ পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ কাৰণ।
লগতে পঢ়ক : Online Trading Scam : CID য়ে জেৰা কৰিব অবয়ৱ ভূঞাক