Drugs peddler arrested along with drugs : তীৰ্থনগৰী হাজোত ৪ কোটি টকাৰ নিষিদ্ধ ব্ৰাউন ছুগাৰসহ আহত সৰবৰাহকাৰী
নিউজ ডেস্ক,২৮ছেপ্তেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ তীৰ্থ নগৰী হাজোত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায়(Drugs peddler arrested along with drugs)।
শুকুৰবাৰে নিশা হাজোত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট চমুকৈ এছ টি এফে এক অভিযান চলাই ৪ কোটি টকাৰ নিষিদ্ধ ব্ৰাউন ছুগাৰ জব্দ কৰে।
জানিব পৰা মতে, এছ টি এফৰ এ এছ পি কল্যাণ পাঠকৰ নেতৃত্বত চলে এই অভিযান।, এছ টি এফৰ দলটোৱে খেদি খেদি কৰায়ত্ত কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক। লগতে সৰবৰাহকাৰী দলটোৰ পৰা ৪১ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ নাম মানৱ দেৱ।
এছ টি এফে মানৱৰ পৰা এখন মাৰুটি RITZ বাহনো জব্দ কৰিছে। এই বাহনখনতে কঢ়িয়াই আনিছিল নিষিদ্ধ ব্ৰাউন ছুগাৰখিনি। ৪ কোটি টকা মূল্যৰ এই ড্ৰাগছখিনি শিলচৰৰ পৰা কঢ়িয়াই আনিছিল।