Post-Election Brawl at Gauhati University Leaves : গুৱাহাটী বিশ্ববিদ্যালয়ত প্রচণ্ড মাৰপিট;RCC1 আৰু RCC2 ছাত্ৰাৱাসৰ মাজত মাৰপিট
নিউজ ডেস্ক,২৮ছেপ্তেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ত শুকুৰবাৰে নিশা প্রচণ্ড মাৰপিট। দুখন হোষ্টেলৰ ছাত্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত । নির্বাচনকেন্দ্ৰিক সংঘাতৰ বাবে কাজিয়াৰ সূত্রপাত।
RCC1 আৰু RCC2 ছাত্ৰাৱাসৰ মাজত মাৰপিট। গুৰুতৰভাৱে আহত দুই হোষ্টেলৰ কেইবাজনো শিক্ষাৰ্থী । আহত কেইবাজনো ছাত্ৰক নিশাই GMCH ত ভৰ্তি কৰোৱা হয় । উদণ্ড ছাত্ৰই ধ্বংস কৰিলে হোষ্টেলৰ সামগ্ৰী ।কেইবাখনো বাহন ক্ষতিগ্ৰস্ত কৰিলে ছাত্ৰই(Post-Election Brawl at Gauhati University Leaves Several Wounded) ।
জানিব পৰা মতে শিক্ষাৰ্থীসকলৰ এটা পক্ষই আনটো পক্ষক শিল আৰু সুৰাৰ বটেলেৰে আক্ৰমণ কৰে। এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক সূত্ৰই প্ৰকাশ কৰা মতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত সকলো পৰিস্থিতি ঠিকেই আছিল যদিও পুৱতি নিশা প্ৰায় ৩ মান বজাত হঠাৎ আৰ চি চি-১ আৰু আৰ চি চি-২ ৰ আৱাসী ছাত্ৰসকলৰ মাজত সংঘাতৰ সূত্ৰপাত হয় আৰু উত্তপ্ত হৈ পৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ(Post-Election Brawl at Gauhati University Leaves)।
অভিযোগ মতে আৰ চি চি-১ ৰ ছাত্ৰসকলে প্ৰথমে আৰ চি চি-২ ত আক্ৰমণ কৰিছিল। অৱশ্যে সঠিক তদন্তৰ পাছতহে এই বিষয়ে স্পষ্ট হ’ব। বৰ্তমানেও জি এম চি এইছত ভৰ্তি হৈ আছে ৭ জনকৈ আহত ছাত্ৰ।
সমগ্ৰ ঘটনাক লৈ এতিয়াও উত্তপ্ত হৈ আছে বিশ্ববিদ্যালয়খনৰ চৌহদ।
লগতে পঢ়ক :Online Trading Scam : সাংবাদিক চক্ৰপাণি পৰাশৰলৈ CIDৰ চমন