Matri Pitri Vandana scheme : মাতৃ-পিতৃৰ বন্দনা’ৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ বিশেষ ছুটী; মুকলি প’ৰ্টেল
নিউজ ডেস্ক,২৬ছেপ্তেম্বৰ : ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে ৬ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ লাভ কৰিব বিশেষ ছুটী। ৬ আৰু ৮ নৱেম্বৰত ‘মাতৃ-পিতৃ বন্দনা’ আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব বিশেষ নৈমিত্তিক ছুটী।
চলিত বৰ্ষতো ৰাজ্য চৰকাৰে এই বিশেষ ছুটীৰ ব্যৱস্থা কৰিছে । এই বছৰ ৬ আৰু ৮ নৱেম্বৰত ৰাজ্যিক কৰ্মচাৰীক বিশেষ নৈমিত্তিক ছুটী প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । লক্ষ্যণীয় বিষয় যে এই বিশেষ দুটা দিনৰ ছুটীৰ উপৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে তিনিটাকৈ স্বাভাৱিক ছুটী লাভ কৰিব(Matri Pitri Vandana scheme)।
মাতৃ-পিতৃ বন্দনা আঁচনিৰ সুবিধা লাভ কৰা কৰ্মচাৰীসকলে এই বন্ধ মিলাই একেলেথাৰিয়ে পাঁচদিনৰ বন্ধৰ সুবিধা লাভ কৰিব । এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ যুটীয়া সচিবে চৰকাৰী সকলো বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে । পত্ৰযোগে চৰকাৰী বিশেষ ছুটীৰ নিৰ্দেশনাৰ বিষয়ে সদৰী কৰা হৈছে ।
নিৰ্দেশনাটোত কোৱা হৈছে যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ‘মাতৃ-পিতৃ বন্দনা আঁচনি’ৰ অধীনত চলিত বৰ্ষৰ বাবে দুদিনৰ বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰা হৈছে । সেই অনুসৰি ৬ নৱেম্বৰ আৰু ৮ নৱেম্বৰত এই বিশেষ ছুটীৰ ব্যৱস্থা কৰা হৈছে । এই দুদিন ছুটীৰ লগতে ৭ নৱেম্বৰৰ ষঠ পূজাৰ বন্ধ আৰু ৯ নৱেম্বৰৰ দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰৰ দেওবাৰৰ বন্ধ লাভ কৰিব । পাঁচদিন সময় মাতৃ-পিতৃক দিব পাৰিব । এই বিশেষ ছুটীৰ বাবে আবেদন কৰিবলৈ প’ৰ্টেল মুকলি কৰা হৈছে । মাতৃ-পিতৃৰ বন্দনাৰ বাবে বিশেষ নৈমিত্তিক ছুটী ল’ব বিচৰা কৰ্মচাৰীসকলে https://matripitrivandana.assam.gov.in প’ৰ্টেলত আবেদন কৰিব লাগিব । আবেদনৰ বাবে প’ৰ্টেল মুকলি কৰা হৈছে ।
জানি লওক আৱেদনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া।
প্ৰথমে https://matripitrivandana.assam.gov.in ৱেবছাইটলৈ যাওক।
তাৰ পিছত পঞ্জীয়ন বুটামত ক্লিক কৰক আৰু পঞ্জীয়নৰ বাবে তথ্য প্ৰদান কৰক। পঞ্জীয়নৰ সময়ত ব্যৱহৃত ম’বাইল নম্বৰ দিয়ক।
পঞ্জীয়নভুক্ত ম’বাইল নম্বৰত OTP প্ৰেৰণ কৰা হব। প্ৰৱেশৰ বাবে OTP ব্যৱহাৰ কৰক।
লগইন কৰাৰ পিছত Apply বুটামত ক্লিক কৰি ছুটীৰ বাবে আবেদন কৰক আৰু ফৰ্মত ছুটীৰ সবিশেষ পূৰণ কৰক।Apply বিকল্প চাবলৈ View Details বুটামত ক্লিক কৰক। এপ্লিকেচন Generate কৰিবলৈ Generate বুটামত ক্লিক কৰক। য’ত বিভাগীয় মুৰব্বী আৰু আৱেদনকাৰীৰ স্বাক্ষৰ কৰিব লাগিব। ছুটী উপলব্ধ হোৱাৰ পিছত চূড়ান্ত অনুমোদনৰ বাবে স্বাক্ষৰৰ সৈতে ফটো আপলোড কৰিবলৈ আপলোড বুটামত ক্লিক কৰিব লাগিব।