Local, Vocal, Global

Youtuber Bhaskar dutt questioned by Dispur police : ইউটিউবাৰ ভাস্কৰ দত্তক জেৰা দিছপুৰ আৰক্ষীৰ

নিউজ ডেস্ক,২৬ছেপ্তেম্বৰ : ইউটিউবাৰ ভাস্কৰ দত্তক জেৰা দিছপুৰ আৰক্ষীৰ । ট্ৰেডিং প্ৰতিষ্ঠানৰ হৈ প্ৰচাৰ চলোৱাৰ অভিযোগ ভাস্কৰৰ বিৰুদ্ধে

উল্লেখ্য যে, APDCLৰ কৰ্মচাৰী আছিল ভাস্কৰ দত্ত। ১১ ছেপ্টেম্বৰত ভাস্কৰ দত্তক চাকৰিৰ পৰা নিলম্বন কৰিছিল(Youtuber Bhaskar dutt questioned by Dispur police)।

স্বপ্ননীল দাসৰ ট্ৰেডিং প্ৰৱঞ্চনা কাণ্ডৰ সৈতে নাম সাঙোৰ খাইছিল ভাস্কৰ দত্তৰ। স্বপ্ননীল দাসৰ TFALক প্রম’ট কৰিছিল ভাস্কৰ দত্তই। ভুৱা ট্ৰেডিঙৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল স্বপ্ননীল দাস।

তাৰ পিছতে ভাস্কৰ দত্তৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দিছিল আশ্ৰাফুল হক নামৰ এজনে। আশ্ৰাফুলৰ এজাহাৰৰ পাছতে ভাস্কৰ দত্তক কৰিছিল নিলম্বন।

লগতে পঢ়ক :Assam Direct Recruitment Examination: ADRE তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে নীতি-নিৰ্দেশনা জাৰি