Local, Vocal, Global

Fake circle officer arrested in Nagaon for fraud :নগাঁও আৰক্ষীৰ জালত ভুৱা ৰাজহ চক্ৰ বিষয়া

নিউজ ডেস্ক,২৬ছেপ্তেম্বৰ : নগাঁও আৰক্ষীৰ জালত ভুৱা ৰাজহ চক্ৰ বিষয়া। নিজকে ৰাজহ চক্ৰ বিষয়া বুলি পৰিচয় দি ধন সংগ্ৰহ মহিলাৰ ।

প্ৰৱঞ্চক মহিলাগৰাকীৰ নাম ৰাজশ্ৰী দেৱী। নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ কৰ্মচাৰী ৰাজশ্ৰী দেৱী(Fake circle officer arrested in Nagaon for fraud)।

নিজকে ৰাজহ চক্ৰ বিষয়া বুলি পৰিচয় দি ধন সংগ্ৰহ কৰিছিল নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত কৰ্মৰতৰাজশ্ৰী দেৱী। ধৃত মহিলা কৰ্মচাৰী গৰাকীৰ নাম ৰাজশ্ৰী দেৱীৱে।

জানিব পৰা মতে, ৰিমি দাস নামৰ এগৰাকী মহিলাৰ সৈতে লগ হৈ ৰাজশ্ৰীয়ে পুৰণিগুদামৰ মীনাক্ষী নেওগ নামৰ এগৰাকী মহিলাৰ পৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ত কাম সম্পাদন কৰা আৰু নৈশ চকীদাৰৰ চাকৰি প্ৰদান কৰাৰ নামত মুঠ ৩লাখ টকা লৈছিল । পৰৱৰ্তী সময়ত ধন উভতাই বিচৰাত উলোটাই ৰাজশ্ৰীয়ে মহিলাগৰাকীক ভুৱা গোচৰত অভিযুক্ত কৰাৰ ভাবুকি প্ৰদান কৰিছিল।

এই সন্দৰ্ভত মীনাক্ষীয়ে নগাঁও আৰক্ষীক তথ্য-প্ৰমাণসহ অভিযোগ দাখিল কৰাত নগাঁও সদৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ৪২০/৪৬৮ ধাৰাত ৯৪২/২৪ নম্বৰত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

লগতে পঢ়ক :Assam Direct Recruitment Examination: ADRE তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে নীতি-নিৰ্দেশনা জাৰি