Gamblers arrested in Nagaon : নগাঁৱত আৰক্ষীৰ অভিযান; আটক ২৪জন জুৱাৰী
নিউজ ডেস্ক,২৬ছেপ্তেম্বৰ : বুধবাৰে নিশা নগাঁও আৰক্ষীৰ অপৰাধীৰ বিৰুদ্ধে অভিযান ।অভিযানত আটকই২৪জন জুৱাৰী।
এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে নগাঁও চহৰৰ উবেদুৰ ৰহমান পথৰ এটা ভাড়াঘৰত অভিযান চলায়। উক্ত অভিযানৰ সময়ত ২৪ জন জুৱাৰীক আটক কৰাৰ লগতে জুৱাত ব্যৱহাৰ কৰা সামগ্ৰী জব্দ কৰে। ইৰাণ আৰু জাপান নামৰ লোকৰ ভাড়াঘৰত দীৰ্ঘদিন ধৰি জুৱাৰী কেইজনে চলাই আহিছিল জুৱাৰ ৰমৰমীয়া অবৈধ বেহা( Gamblers arrested in Nagaon)।
সম্প্ৰতি অধিক তথ্যৰ বাবে তেওঁলোকক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।