Local, Vocal, Global

Lance Naik of apbn dies due to heat stroke : উৎকট গৰমৰ বাবে প্ৰাণ গ’ল এজন আৰক্ষী জোৱানৰ!

নিউজ ডেস্ক,২৫ছেপ্তেম্বৰ : আহিনতো উৎকট গৰম! উৎকট গৰমৰ বাবে প্ৰাণ গ’ল এজন আৰক্ষী জোৱানৰ!

সোমবাৰে প্ৰচণ্ড গৰমৰ বাবে লেন্স নায়ক ৰোৱাদ পেগু নামৰ আৰক্ষী জোৱান জন অসুস্থ হৈ পৰে । জোনাই কাংকান নগৰ গাঁৱৰ লেন্স নায়ক ৰোৱাদ পেগু লখিমপুৰৰ লীলাবাৰীস্থিত ১৩ এপিবিএনৰ মুখ্য কাৰ্যালয়ত কৰ্তব্য় সম্পাদন কৰি থকাৰ সময়তে অসুস্থ হৈ পৰে আৰক্ষী জোৱানজন ৷ লগে লগে জোৱানজনত ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও গুৰুতৰভাৱে অসুস্থ হৈ পৰাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । তাত চিকিৎসকে তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে(Lance Naik of apbn dies due to heat stroke)৷

আনহাতে, মঙলবাৰে সন্ধিয়া লেন্সনায়কজনৰ নশ্বৰদেহ নিজা ঘৰলৈ অনাত এক শোকাকুল পৰিৱেশ বিৰাজ কৰে ৷ ইয়াৰ পিচতেই গাৰ্ড অৱ অনাৰৰে শেষ বিদায় জনায় আৰক্ষী জোৱানজনক।

লগতে পঢ়ক :Love jihad in Titabar: মুছলমান যুৱকৰ ভুৱা হিন্দু পৰিচয়ৰে সম্পৰ্ক স্থাপন হিন্দু যুৱতীৰ সৈতে