Love jihad in Titabar: মুছলমান যুৱকৰ ভুৱা হিন্দু পৰিচয়ৰে সম্পৰ্ক স্থাপন হিন্দু যুৱতীৰ সৈতে
নিউজ ডেস্ক,২৫ছেপ্তেম্বৰ : ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা । মুছলমান যুৱকৰ ভুৱা হিন্দু পৰিচয়েৰে সম্পৰ্ক স্থাপন হিন্দু যুৱতীৰ সৈতে ।
যি সময়ত অসম চৰকাৰে লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ হৈছে তেনে সময়তে ৰাজ্যত লাভ জেহাদৰ ঘটনা।
এইবাৰ তিতাবৰত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা ।তিতাবৰত লাভ জেহাদৰ বলি এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতী(Love jihad in Titabar)।
জানিব পৰা মতে, তিতাবৰত জলজীৱনৰ মিস্ত্ৰী কাম কৰিবলৈ আহি ভুৱা হিন্দু পৰিচয়েৰে সম্পৰ্ক স্থাপন কৰে কৰণ আলি নামৰ যুৱকজনে। কৰণ আলিৰ ঘৰ দক্ষিণ শালমৰা জিলাৰ ফকিৰগঞ্জত। যুৱকজনৰ সকলো কথা গম পোৱাৰ পাছত যুৱতী গৰাকীক ধৰ্মান্তৰিত কৰিবলৈও হেঁচা প্ৰদান কৰে লম্পট যুৱকজনে। অন্যথা পৰিয়ালৰ লোকক শেষ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰে বুলি অভিযোগ কৰে ভুক্তভোগী যুৱতীগৰাকীয়ে।
উপান্তৰত যুৱতী গৰাকীয়ে তিতাবৰ আৰক্ষী থানাত যুৱক গৰাকী বিৰুদ্ধে দাখিল কৰে এখন এজাহাৰ। যুৱকজনৰ বিৰুদ্ধে তিতাবৰ আৰক্ষী থানাত ৭৬/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ২৯৯/ ৩০৮(৪)/৩১৮ (২) / ৩১৮ (৪)/ ৩১৯( ২) / ৩৫১(৩) / ৫৫/৫৭ নম্বৰত গোচৰ পঞ্জীয়ন কৰি দক্ষিণ শালমৰাৰ আৰক্ষীৰ সহযোগত নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক :Jamugurihat News : বগা হাঁতীত পৰিণত জামুগুৰিহাটত জলসিঞ্চন আঁচনি