Road accident in Cachar: দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত নিহত ছাত্ৰী
নিউজ ডেস্ক,২৪ছেপ্তেম্বৰ : এক ভয়ংকৰ দুৰ্ঘটনা।দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত নিহত এগৰাকী ছাত্ৰী।
কাছাৰৰ কাটিগড়াৰ গুমৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুর্ঘটনা।গুমৰাত দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত নিহত এগৰাকী ছাত্ৰী। নিহত ছাত্ৰীগৰাকী ছানিয়া বৰভূঞা বুলি জানিব পৰা গৈছে(Road accident in Cachar)।
জানিব পৰা মতে, গুমৰা পাব্লিক এম ই স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী আছিল ছানিয়া । পৰীক্ষা দি ঘৰলৈ উভতি অহাৰ পথতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ পাছতে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত ৰাইজে।