Eviction drive in Goalpara : বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত বুলড’জাৰ
নিউজ ডেস্ক, ২৪ ছেপ্টেম্বৰ: গোৱালপাৰা জিলাৰ লক্ষীপুৰত আৰম্ভ উচ্ছেদ অভিযান । মঙলবাৰে পুৱা ১০ বজাৰ পৰা আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত কটকটীয়া নিৰাপত্তাৰ মাজত আৰম্ভ হয় এই উচ্ছেদ অভিযান । বন বিভাগৰ কেইবাখনো বুলড’জাৰ ব্য়ৱহাৰ । লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনস্থ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত চলিছে এই উচ্ছেদ অভিযান(Eviction drive in Goalpara) ।
বিভাগীয় তথ্য় অনুসৰি বান্দৰমাথা সংৰক্ষিত বনাঞ্চলৰ ১১৮ হেক্টৰ ভূমিৰ ৫৫ হেক্টৰত উচ্ছেদ চলোৱা হৈছে । এই বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত বসবাস কৰি অহা ২০০ টা পৰিয়ালক উচ্ছেদ কৰা বুলি কয় বন বিষয়াই ।
লগতে পঢ়ক :Sensational incident : শোকাৱহ দুৰ্ঘটনা; স্কুটীসহ নলাত পৰি মৃত্যু ছাত্ৰীৰ