Local, Vocal, Global

PM Narendra Modi departs for India wrapping three-day US visit : তিনিদিনীয়া আমেৰিকা ভ্ৰমণ সামৰি ভাৰতলৈ উভতিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক,২৪ ছেপ্টেম্বৰ: তিনিদিনীয়া আমেৰিকা ভ্ৰমণ সামৰিলে প্ৰধানমন্ত্ৰীয়ে । সোমবাৰে নিউয়ৰ্কৰ জন এফ কেনেডি বিমানবন্দৰৰ পৰা ভাৰতলৈ উভতনি যাত্ৰা আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

তিনিদিনীয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে কোৱাড নেতৃত্বৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে নিউয়ৰ্কত থকা প্ৰবাসী ভাৰতীয়সকলৰ সৈতে ‘মোদী আৰু আমেৰিকা’ শীৰ্ষক অনুষ্ঠানতো মত বিনিময় কৰে ৷ লগতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ‘Summit of the Future’ ত ভাষণ দিয়ে(PM Narendra Modi departs for India wrapping three-day US visit)।

ইয়াৰ লগতে তেওঁ ভ্ৰমণৰ সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কি, পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছ, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাৰ সৈতে বৈঠককে ধৰি কেবাখনো গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত অংশ লয় ।

শনিবাৰে এই ভ্ৰমণৰ প্ৰথম দিনটোত প্ৰধানমন্ত্ৰী মোদীয়ে ডেলাৱেৰৰ উইলমিংটনত অনুষ্ঠিত ষষ্ঠ QUAD (Quadrilateral Security Dialogue) নেতা সন্মিলনত অংশগ্ৰহণ কৰে । আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীক আতিথ্য প্ৰদান কৰে, য’ত কোৱাড নেতাসকলে কোৱাডক “গোলকীয় মংগলৰ শক্তি” বুলি অভিহিত কৰি কোৱাড উইলমিংটন ঘোষণাপত্ৰ গ্ৰহণ কৰে(PM Modi departs for Delhi after wrapping up 3-day packed US trip)।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিউয়ৰ্কলৈ ৰাওনা হয় আৰু দেওবাৰে নাছাউ কলিজিয়ামত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে নিউয়ৰ্ক আৰু উক্ত অনুষ্ঠানত উপস্থিত থকা ভাৰতীয়সকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে স্মৰণীয় সামূহিক কাৰ্যসূচীত অংশ লয় ।এক্সত এটা পোষ্টত তেওঁ কয়, “ধন্যবাদ নিউয়ৰ্ক ! এইবোৰ স্মৰণীয় সম্প্ৰদায়ৰ কাৰ্যসূচীৰ আভাস । যোগদান কৰা সকলোৰে প্ৰতি কৃতজ্ঞ ।”

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে ল’টে নিউয়ৰ্ক পেলেচ হোটেলত পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছৰ সৈতে বৈঠকত মিলিত হৈ গাজাৰ মানৱীয় পৰিস্থিতিৰ প্ৰতি “গভীৰ উদ্বেগ” প্ৰকাশ কৰি পেলেষ্টাইনী জনসাধাৰণৰ প্ৰতি ভাৰতৰ সমৰ্থন অব্যাহত ৰখাৰ দৃঢ়তা প্ৰকাশ কৰে ।

তেওঁ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি আৰু কুৱেইটৰ ক্ৰাউন প্ৰিন্স শ্বেখ চাবাহ খালেদ আল হামাদ আল মুবাৰক আল ছাবাহৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয় ৷

সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৭৯ সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ‘Summit of the Future’ অনুষ্ঠানত ভাষণ দি প্ৰযুক্তিৰ নিৰাপদ আৰু দায়িত্বশীল ব্যৱহাৰৰ গুৰুত্বকে ধৰি বহুকেইটা বিষয়ত ভাষণ দি কয় যে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি দলং হ’ব লাগে, বাধা নহয় ।

তেওঁ চাইবাৰ, সামুদ্ৰিক আৰু মহাকাশৰ সংঘাতৰ নতুন উদীয়মান সমস্যা হিচাপে উল্লেখ কৰি কয়, “গোলকীয় কাৰ্যই বিশ্বৰ উচ্চাকাংক্ষাৰ সৈতে মিল ৰখাৰ সময় আহি পৰিছে ।’’

প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰো আহ্বান জনাই সংস্কাৰক ‘প্ৰাসংগিকতাৰ চাবিকাঠি’ বুলি অভিহিত কৰে । তেওঁ লগতে ভাৰতে মানৱতাৰ স্বাৰ্থ ৰক্ষাৰ প্ৰতি দায়বদ্ধ বুলি দৃঢ়তাৰে কয় আৰু ‘এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যৎ’ দেশৰ এক প্ৰতিশ্ৰুতি বুলিও কয় ।

ভিয়েটনামৰ ৰাষ্ট্ৰপতি ট’লামৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী । দেওবাৰে নিউয়ৰ্কৰ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এমআইটি) স্কুল অৱ ইঞ্জিনিয়াৰিঙে আয়োজন কৰা এখন ঘূৰণীয়া মেজমেলত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ শীৰ্ষ টেক নেতা আৰু চিইঅ’সকলৰ সৈতে মত বিনিময় কৰে ।

লগতে পঢ়ক : Eviction operation in Sonapur : আজি পুনৰ সোণাপুৰৰ কচুতলীত চলিব উচ্ছেদ