Tragic Road Accident :তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দা বিদ্যুৎ পৰিবাহী তাৰৰ খুটাত;নিহত এজন,আহত এজন
নিউজ ডেস্ক,২৩ছেপ্তেম্বৰ : চিৰাঙৰ বাসুগাঁও চহৰৰ ষ্টেচনৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে নিশা ষ্টেচনৰোডত তীব্ৰবেগত আহি থকা মটৰচাইকেলে পথৰ দাঁতিত থকা বিদ্যুৎ পৰিবাহী তাৰৰ খুটাত মাৰে ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা।ফলত মটৰ চাইকেলত থকা দুই আৰোহী গুৰুতৰ ভাৱে আহত হয় । আহত আৰোহী দুজন নিবাৰণ বৰ্মন (২৪) আৰু বাদল দাস (২৩) বুলি জানিব পৰা গৈছে(Tragic Road Accident)।
এই পথ দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটিত খুন্দা মৰাৰ ফলত বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটি ভাঙি দুই টুকুৰা হৈ বিদ্যুত পৰিবাহী তাঁৰ পথৰ ওপৰত সিচঁৰিত হৈ ফিৰিঙতিৰ সৃষ্টি হয় । ইপিনে পথ দুৰ্ঘটনাৰ প্ৰচণ্ড শব্দ শুনি পথৰ দুয়োকাষৰ আৱাসী সকল ওলাই আহে যদিও বৈদ্যুতিক তাৰৰ মাজত পৰি থকা আহত দুজনক কোনো সহায় আগবঢ়াব পৰা নাছিল।
পিছত স্থানীয় লোকে বিদ্যুত বিভাগ আৰু আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়াত বিদ্যুত সংযোগ কৰ্তন কৰে আৰু আহত নিবাৰণ বৰ্মনক সংকটজনক অৱস্থাত আৰক্ষীৰ লোকে উদ্ধাৰ কৰি প্ৰথমে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত লৈ যায় যদিও পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰে কিন্তু আজি পুৱতি নিশা চিকিৎসাধীন অৱস্থাত নিবাৰণ বৰ্মন অকাল মৃত্যুক আঁকোৱালি লয়।
তাৰ বিপৰীতে বাদল দাস নামৰ যুৱক জন বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে। বাসুগাঁও চহৰৰ সমীপৰ দুই নং বিজয়গাঁৱৰ বীৰেণ বৰ্মনৰ পুতেক নিবাৰণ বৰ্মন ডেকাৰেচনৰ কাম কৰিছিল।
লগতে পঢ়ক :Teenager went missing while bathing in the river : বুঢ়ীদিহিং নৈত গা ধুবলৈ গৈ সন্ধানহীন দুটি কিশোৰ