Teenager went missing while bathing in the river : বুঢ়ীদিহিং নৈত গা ধুবলৈ গৈ সন্ধানহীন দুটি কিশোৰ
নিউজ ডেস্ক,২৩ছেপ্তেম্বৰ : মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নৈত অঘটন। নৈত গা ধুবলৈ গৈ সন্ধানহীন দুটি কিশোৰ। মাৰ্ঘেৰিটাৰ ৰদডুবা গাঁৱত সংঘটিত হৈছে এই ঘটনাটো।
জানিব পৰা মতে,সোমবাৰে দুটি কিশোৰ নৈত গা ধুবলৈ গৈছিল। গা ধুই থাকোঁতে নৈৰ কোবাল সোঁতে উটুৱাই নিয়ে কিশোৰ দুটিক(Teenager went missing while bathing in the river)।
নিৰুদিষ্ট কিশোৰ দুটি মাৰ্ঘেৰিটাৰ ২নং আলুবাৰীৰ ফাৰহান আলী, আৰমান হক বুলি জানিব পৰা গৈছে ।
এই ঘটনা পোহৰলৈ অহাৰ পিছত স্থানীয় ৰাইজে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
লগতে পঢ়ক :Dead body recovered : অৱশেষত উদ্ধাৰ হ’ল সন্ধানহীন যুৱকৰ মৃতদেহ