Local, Vocal, Global

Road accident in Guwahati : হাতীগাঁৱত শোকাৱহ দুৰ্ঘটনা;নিহত বাইক আৰোহী

নিউজ ডেস্ক,২৩ছেপ্তেম্বৰ : এক শোকাৱহ দুৰ্ঘটনা ।দুৰ্ঘটনাত নিহত বাইক আৰোহী ।

মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Guwahati)।

হাতীগাঁৱত ট্ৰাকৰ চেপাত নিহত হয় বাইক আৰোহীৰ। নিহত বাইক আৰোহীজন ৰাজ শীল বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, সমৰজিৎ কলিতাৰ ৰেপিডো বাহনত গণেশগুৰিৰ দিশলৈ গৈ আছিল ৰাজ। সেই সময়তে বিপৰীত দিশৰ পৰা অহা এখন স্কুটাৰৰ বাবে পথত বাগৰি পৰে বাইকখন। একে সময়তে পথেৰে গৈ থকা ট্ৰাকৰ তলত সোমাই যায় ৰাজ শীল।ফলত গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত মৃত্যু হয় যুৱকজনৰ।

লগতে পঢ়ক :Guwahati City Witnesses Honey Trapping Incident : গুৱাহাটী মহানগৰীত পুনৰ হানী ট্ৰেপিঙৰ ঘটনা;গোপন ফটো ভাইৰেলৰ ভাবুকিৰে ব্যৱসায়ীক ব্লেকমেইলিং