Guwahati City Witnesses Honey Trapping Incident : গুৱাহাটী মহানগৰীত পুনৰ হানী ট্ৰেপিঙৰ ঘটনা;গোপন ফটো ভাইৰেলৰ ভাবুকিৰে ব্যৱসায়ীক ব্লেকমেইলিং
নিউজ ডেস্ক,২৩ছেপ্তেম্বৰ : পুনৰ গুৱাহাটী মহানগৰীত হানী ট্ৰেপিঙৰ ঘটনা। এইবাৰ হানী ট্ৰেপিঙত জড়িত ছদ্মৱেশী মডেল। গোপন ফটো ভাইৰেলৰ ভাবুকিৰে ব্যৱসায়ীক ব্লেকমেইলিং।
এইবাৰ গুৱাহাটীৰ ব্যৱসায়ীক হানি ট্ৰেপিঙ কৰাৰ অভিযোগ এগৰাকী ছদ্মবেশী মডেলৰ বিৰুদ্ধে। ব্যৱসায়ীগৰাকীৰ গোপন ফটো ভাইৰলে কৰি মডেল যুৱতীগৰাকীয়ে ব্যৱসায়ীগৰাকী ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপন কৰিছে ব্যৱসায়ীগৰাকীয়ে(Guwahati City Witnesses Honey Trapping Incident)।
ব্যৱসায়ীগৰাকীৰ অভিযোগ অনুসৰি ছদ্মবেশী মডেলগৰাকীয়ে ব্যৱসায়ীগৰাকীৰ পৰা ১২ লাখ টকা লুণ্ঠনো কৰিছে। বিগত এবছৰ ধৰি ব্যৱসায়ীগৰাকীৰ পৰা ব্লেকমেইলিং কৰি ধন লুণ্ঠন কৰি আছে ছদ্মবেশী মডেলগৰাকীয়ে। মডেল যুৱতীগৰাকীৰ সৈতে প্ৰথমে বন্ধুত্ব হৈছিল ব্যৱসায়ীগৰাকী, তাৰ পিছত লাহে-লাহে বন্ধুত্বৰ সম্পৰ্ক ৰূপান্তৰিত হৈছিল প্ৰেমলৈ। হয়টো দুয়ো পৰা কৰিছিল ৰঙীন সময়ো!
কিন্তু দিন বাগৰি যোৱাৰ পিছতে প্ৰেম আৰু পৰা কৰি অহা অন্তৰংগ সময়ে ব্যৱসায়ীগৰাকীৰ জীৱনলৈ নমাই আনিছে বিপদ। ব্যৱসায়ীগৰাকীৰ গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰাৰ ভাবুকিৰে মডেলগৰাকীয়ে ব্যৱসায়ীগৰাকীক কৰিছে ব্লেকমেইলিং। ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ব্যৱসায়ীগৰাকীয়ে।
টিনা, পৰী, জিনা আদি বিভিন্ন নামেৰে পৰিচয় দিয়াৰ অভিযোগ যুৱতীগৰাকীৰ বিৰুদ্ধে। ব্লেকমেইলিং কৰি লাখে-লাখে টকা সৰকোৱাৰ লগতে আই ফোন পৰ্যন্ত ক্ৰয় কৰি লৈছিল যুৱতীগৰাকীয়ে।
লগতে পঢ়ক:Massive fire breaks out in Bokajan: বোকাজানৰ গেছ এজেন্সীত ভয়ংকৰ অগ্নিকাণ্ড