Local, Vocal, Global

World Rhino Day 2024: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গঁড় দিৱস উদযাপন

কলিয়াবৰ,২২ ছেপ্টেম্বৰ : আজি বিশ্ব গঁড় দিৱস ।প্ৰতি বছৰে ২২ ছেপ্তেম্বৰ তাৰিখে সমগ্ৰ বিশ্বজুৰি এই দিৱস উদযাপন কৰা হয়। মূলতঃ মানুহক গঁড়ৰ পাঁচবিধ প্ৰজাতিৰ বিষয়ে সজাগ আৰু শিক্ষা দিবলৈ এই পালন কৰা হয় গঁড় দিৱস।

আজি বিশ্ব গড় দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে গড় দিৱস । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কহৰাত কেন্দ্ৰীয় ভাবে উদযাপন কৰিছে গঁড় দিৱস ।গঁড় উৎসৱৰ লগত সংগতি ৰাখি উলিওৱা হৈছে গড়ৰ প্ৰতীকৰে এক সজাগতা যাত্ৰা ।

বিশ্বনাথ চাৰিআলি আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ পৰা অহা প্ৰতীকি শোভা যাত্ৰাটি কলিয়াবৰত লগ হৈ কহৰা অভিমুখে যাত্ৰা কৰে(World Rhino Day 2024)।

জখলাবন্ধাত দলটিক আদৰণি জনায় কলিয়াবৰ সাংবাদিক সন্থা আৰু নমো বুদ্ধ টেভেলছে।

কলিয়াবৰ সাংবাদিক সন্থাৰ সভাপতি অজয় দে সম্পাদক বিকাশ জ্যোতি বৰুৱা,মুনিলাল গুপ্তাকে ধৰি কেইবাজনো সংবাকৰ্মীৰ উপস্থিতিৰ ৰেলিলৈ অহা গড়ঁৰ প্ৰতিকত অসমীয়া স্বভীমানৰ গামোচাৰে আদৰণি জনায় ।

লগতে পঢ়ক :International Daughters Day : আজি আন্তৰ্জাতিক কন্যা দিৱস