Assam Police Detain 15 Suspects Linked to ULFA-I : ১৫ আগষ্টত আলফা (স্বাঃ)ৰ বোমা সংস্থাপনেৰে জড়িতৰ সন্দেহত ১৫জনক আটক

গুৱাহাটী,২২ ছেপ্টেম্বৰ : ১৫ আগষ্টত আলফা (স্বাঃ)ৰ বোমা সংস্থাপনেৰে জড়িতৰ সন্দেহত ১৫জনক আটক।
তদন্তকাৰী সংস্থা ‘এনআইএ’ৰ সহযোগত অসম আৰক্ষীয়ে শনিবাৰে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ৩ গৰাকী মহিলাসহ মুঠ ১৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰে । এই কথা সদৰী কৰিছে অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই ।
অসম আৰক্ষীয়ে এক বিবৃতিযোগে জনাই যে স্বাধীনতা দিৱসৰ দিনা ৰাজ্যৰ বিভিন্ন স্থানত আই ই ডি সদৃশ সন্দেহজনক সামগ্ৰী সংস্থাপন কৰাৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে তদন্ত চলাই আহিছে । সেই তদন্তৰ আধাৰত যোৱা নিশা এনআইএক কাৰিকৰী সহযোগত অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ১৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰে( Assam Police Detain 15 Suspects Linked to ULFA-I)।
ইয়াৰ ভিতৰত ৩ গৰাকী মহিলাও আছে । অসম আৰক্ষীৰ দীঘলীয়া তদন্তত বিভিন্ন উৎসৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল । প্ৰাথমিক জেৰাৰ পিচত বহু কথাই পোহৰলৈ আহিছে যদিও দীঘলীয়া জেৰাত বোমা সংস্থাপনৰ ষড়যন্ত্র সন্দৰ্ভত আৰু অধিক তথ্য লাভ কৰিব পৰা যাব বুলি অসম আৰক্ষীৰ বিবৃতিটোত কোৱা হৈছে ।
অসম আৰক্ষীয়ে শনিবাৰে নিশা চলোৱা অভিযানত তিনিচুকীয়াৰ পৰা এজনক, শদিয়াৰ পৰা এজনক, ডিব্ৰুগড়ৰ পৰা তিনিজনক, যোৰহাটৰ পৰা দুজনক, লখিমপুৰৰ পৰা তিনিজনক, গুৱাহাটীৰ পৰা দুজনক, নগাঁৱৰ পৰা এজনক, নলবাৰীৰ পৰা এজনক আৰু তামুলপুৰৰ পৰা এজনক গ্ৰেপ্তাৰ কৰে । মুঠ ১৫ গৰাকী লোকৰ ভিতৰত তিনিগৰাকী মহিলা আছে । তেওঁলোকক অধিক জেৰা আৰু বোমা সংস্থাপনৰ আঁৰৰ ষড়যন্ত্ৰ উদঘাটনৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়ক : Road accident in Bilasipara : নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল তীব্ৰবেগী বাহন