Local, Vocal, Global

Two-year-old boy goes missing from Lanka : লংকাৰ নখুটী জানজুৰ পৰা নিৰুদ্দেশ এটি দুবছৰীয়া শিশু

নিউজ ডেস্ক,২২ছেপ্তেম্বৰ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য।

এইবাৰ লংকাৰ নখুটী জানজুৰ পৰা নিৰুদ্দেশ এটি দুবছৰীয়া শিশু। যোৱা ২০ চেপ্তেম্বৰ বিয়লি ৫ মান বজাৰ পৰাই নিৰুদ্দেশ শিশুটি(Two-year-old boy goes missing from Lanka)।

নিৰুদ্দিষ্ট শিশুটি জাকিৰ হুছেইন নামৰ লোকজনৰ। শিশুটিৰ নাম জাহিত হুছেইন বুলি জানিব পৰা গৈছে ।

ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালৰ লোকে নখুটী পহৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ।

বৰ্তমানলৈ নিৰুদ্দেশ শিশুটিৰ কোনো সম্ভেদ পোৱা নাই । পৰিয়ালৰ লোকে অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : World Rhino Day 2024: আজি বিশ্ব গঁড় দিৱস