Dead body recovered : জংঘলত উদ্ধাৰ অৰ্ধ গলিত মৃতদেহ
বকো,২১ছেপ্তেম্বৰ : বকোৰ ছাটাবাৰীত উদ্ধাৰ অৰ্ধ গলিত মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটো ছাটাবাৰীৰ প্ৰদীপ দাস (৪৫) বুলি চিনাক্ত কৰা হৈছে ।
ছাটাবাৰীৰ দীনেশ কলিতাৰ বাসগৃহৰ সমীপৰ জংঘলত উদ্ধাৰ হয় মৃতদেহটো। স্থানীয় লোকে দুৰ্গন্ধৰ অনুসন্ধান কৰি প্ৰত্যক্ষ কৰে মৃতদেহটো। অজ্ঞাত দুৰ্বৃত্তই হত্যা কৰি পেলাই দিয়াৰ সন্দেহ স্থানীয় লোকৰ ।
স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, মৃতদেহৰ মুখমণ্ডলত মবিল ঢালি বুলি দিয়ে ।লগতে উদ্ধাৰ হোৱা মৃতদেহটোৰ মূৰত কলা পলিথিন সোমাৱা আছিল(Dead body recovered)।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত জামবাৰী পহৰা চকীৰ আৰক্ষী উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।
জানিব পৰা মতে, যোৱা ১৬ ছেপ্তেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল প্ৰদীপ দাস।