Local, Vocal, Global

Dead body recovered : মৰিকলং বিষ্ণুনগৰৰ ৰেলপথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ

নিউজ ডেস্ক, ২১ছেপ্টেম্বৰ : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।

পুনৰ ৰাজ্যত উদ্ধাৰ মৃতদেহ । শুকুৰবাৰে বিয়লি নগাঁও চহৰৰ মৰিকলং বিষ্ণুনগৰৰ ৰেলপথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ। এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱা লগে লগে ঘটনাস্থলীত মৰিকলং আৰক্ষী চকীৰ আৰক্ষী আৰু ৰেল আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। পিছত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ আৰক্ষীয়ে প্ৰেৰণ কৰে।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই অচিনাক্ত মৃতদেহ কেনেকৈ সেই ঠাইলৈ আহিল।

লগতে পঢ়ক :Firing in Dhubri : ধুবুৰীত গুলীচালনাৰ ঘটনা