Local, Vocal, Global

Firing in Dhubri : ধুবুৰীত গুলীচালনাৰ ঘটনা

নিউজ ডেস্ক,২১ছেপ্তেম্বৰ : ধুবুৰীত চাঞ্চল্যকৰ ঘটনা।ধুবুৰীৰ মাজেৰচৰ চলাকুৰা অঞ্চলত গুলীচালনাৰ ঘটনা। মহৰ আলী নামৰ এজন লোকে ছামছুল হক নামৰ এজন যুৱকক গুলীয়াই ।মহৰ আলী গুলীত আহত হয় ছামছুল হক। সোঁভৰিত গুলীবিদ্ধ হয় ছামছুল হক(Firing in Dhubri)।

জানিব পৰা মতে, কোনো কাৰণ নথকাকৈ ছামছুল হক নামৰ যুৱকজনক গুলীয়াই মহৰ আলীয়ে । এটা বন্দুকেৰে ভৰিত গুলীয়াই পলায়ন কৰে মহৰ আলী নামৰ লোকজনে। গুলীবিদ্ধ আঘাতপ্ৰাপ্ত যুৱকজনক যন্ত্ৰচালিত নাৱেৰে ধুবুৰী সদৰ আৰক্ষী থানালৈ অনা হয়। পিছত তেওঁক চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ধুবুৰী আৰক্ষীয়ে। ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Ropex ferry stranded in Brahmaputra :মাজুলীত ব্ৰহ্মপুত্ৰত আবদ্ধ ৰ’পেক্স ফেৰী