Local, Vocal, Global

Cyber criminal arrested : মৰিগাঁৱত গ্ৰেপ্তাৰ ৪ টাকৈ চাইবাৰ অপৰাধী

নিউজ ডেস্ক,২১ছেপ্তেম্বৰ : অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল । ৰাজ্যত সক্ৰিয়া হৈ আছে চাইবাৰ অপৰাধী। ৰাজ্যত চলিছে চাইবাৰ অপৰাধীৰ দপদপনি ৷ চাইবাৰ অপৰাধীৰ ঘাটিলৈ পৰিণত হ’বলৈ ধৰিছে মধ্য অসম(Cyber criminal arrested ) ৷

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সজাগ হৈছে অসম আৰক্ষী । বিভিন্ন সময়ত অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ ঘাটি উৎখাত কৰি আহিছে । মধ্য অসমৰ চাইবাৰ অপৰাধীৰ ঘাটিত অসম আৰক্ষীৰ অভিযান ৷

মধ্য অসমত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ অপৰাধীৰ সংখ্যা ৷ ইয়াৰ সমান্তৰালকৈ প্ৰতিদিনেই চাইবাৰ অপৰাধীৰ ঘাটি কঁপাইছে মৰিগাঁও আৰক্ষীয়ে(Cyber Crime in Assam)৷

মৰিগাঁৱত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । অভিযানত গ্ৰেপ্তাৰ ৪ টাকৈ চাইবাৰ অপৰাধী ।

গ্ৰেপ্তাৰ কৰা লোককেইজন ক্ৰমে মৈৰাবাৰীৰ পৰা আনোৱাউদ্দিন আহমেদ, ৰেকিবুদ্দিনক বুলি জানিব পৰা গৈছে । লাহৰীঘাটৰ পৰা গ্ৰেপ্তাৰ আন দুই চাইবাৰ অপৰাধীক। গ্ৰেপ্তাৰ কৰা অপৰাধীকেইজনৰ পৰা জব্দ কৰে লেপটপ ,মোবাইল, পান কাৰ্ড, আধাৰ কাৰ্ড। বিভিন্ন উৎসৰ পৰা ধনৰ লেনদেনৰ তথ্যও লাভ মৰিগাঁও আৰক্ষীৰ। সম্প্ৰতি মৰিগাঁও আৰক্ষীৰ জিম্মাত ৪ চাইবাৰ অপৰাধী।

লগতে পঢ়ক :International Day of Peace 2024: আজি বিশ্ব শান্তি দিৱস