Local, Vocal, Global

Online trading scam : আজি পুনৰ ডিব্ৰুগড় আৰক্ষীয়ে নিজৰ জিম্মাত লয় বিশাল ফুকনক

নিউজ ডেস্ক,২০ছেপ্তেম্বৰ : আজি পুনৰ ডিব্ৰুগড় আৰক্ষীয়ে নিজৰ জিম্মাত লয় বিশাল ফুকনক ।ডিব্ৰুগড় আৰক্ষীয়ে ৭ দিনৰ জিম্মাত বিচাৰিছিল বিশাল ফুকনক ।বৃহস্পতিবাৰৰ শুনানিৰ পিছতে আজি ৰায়দান প্ৰদান কৰে জিলা আৰু সত্ৰ ন্যায়ালয়ে(Online trading scam)।

উল্লেখ্য যে,যোৱা ২ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰি ডিব্ৰুগড়ৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। ৭ ছেপ্টেম্বৰত বিশাল ফুকনক জে’ললৈ প্ৰেৰণ কৰিছিল আদালতে। বিশাল ফুকনৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত 352/24 নম্বৰত গোচৰ দাখিল কৰি Section 316 and 318 BNS Section 21/23 Banning of unregulated deposit scheme Act ৰ অধীনত বিশাল ফুকনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

বিশালৰ সহযোগী হিচাপে চিহ্নিত হোৱা চুমী বৰা আৰু তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাৰ লগতে তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক ইতিমধ্যে ডিব্ৰুগড়ৰ আৰক্ষীৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । যিহেতু চুমী-তাৰ্কিক আৰু অম্লানক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে আৰক্ষীয়ে বিশাল ফুকনক জেললৈ প্ৰেৰণ কৰিছিল সেয়ে চুমী-তাৰ্কিক আৰু অম্লানৰ পৰা লাভ কৰা তথ্যৰ সত্যতা প্ৰমাণ কৰিবলৈ আৰক্ষীয়ে পুনৰ নিজৰ জিম্মাত লৈছে বিশাল ফুকনক । প্ৰয়োজন হ’লে চুমী বৰাক পুনৰ আৰক্ষীয়ে নিজৰ জিম্মাত ল’বলৈ আদালতত আবেদন কৰিব বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক :Chutia students union stage protest : জনজাতিকৰণৰ দাবীৰে চুতীয়া ছাত্র সন্থাৰ অৱস্থান ধৰ্মঘট