Local, Vocal, Global

Jayanta Hazarika Birth Anniversary : আজি যশস্বী শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

নিউজ ডেস্ক, ২০ছেপ্টেম্বৰ : আজি জয়ন্ত হাজৰিকাৰ ওপজা দিন(Jayanta Hazarika Birth Anniversary)। একাধাৰে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ আজি ৮১ সংখ্যক ওপজা দিন(Remembering the Legendary Assamese Singer Jayanta Hazarika on his 81th Birth Anniversary) ।

মঙ্গলদৈত ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল জয়ন্ত হাজৰিকাই। মাত্ৰ ৩৪ বছৰীয়া চুটি জীৱনকালতে নিজৰ সৃষ্টিৰাজিৰে অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰি থৈ গৈছে ।

১৯৬২ চনতেই অসমীয়া সাংস্কৃতিক জগতত ভুমুকি মাৰিছিল ৰাণা দা নামেৰে খ্যাত জয়ন্ত হাজৰিকাই । সংগীত সাধনাৰ জৰিয়তে অতি কম বয়সতে কিংবদন্তী হৈ অকালতে পৃথিৱীৰ পৰা হেৰাই যোৱা শিল্পীগৰাকীয়ে সমৃদ্ধ কৰি থৈ গৈছিল অসমীয়া সংগীত জগতৰ ভঁৰাল(Remembering Jayanta Hazarika On 81th Birth Anniversary)।

জয়ন্ত হাজৰিকা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ (Dr. Bhupen Hazarika) ভাতৃ আছিল। ভাতৃ ড০ ভূপেন হাজৰিকাক ‘মণিৰাম দেৱান’ বোলছবিত সংগীত পৰিচালনাত সহায় কৰাৰ পাছৰে পৰা সংগীত জগতত যাত্ৰা অব্যাহত আছিল তেওঁৰ । ড০ ভূপেন হাজৰিকাৰ সাগৰ সংগম’ গীতটোত তেওঁ মাত্ৰ ৯ বছৰ বয়সতে গীটাৰ বজাইছিল । ৰাণা দাৰ সৃষ্টিসমূহত বিভিন্ন পাশ্চাত্য বাদ্যযন্ত্ৰৰ প্ৰভাৱ আছিল। ৰাণা দাই নিজাববীয়াকৈ কেইবাখনো ছবিত সংগীত পৰিচালনা (Music Direction) কৰিছিল।

দৰদী কণ্ঠশিল্পী প্ৰয়াত জয়ন্ত হাজৰিকাৰই অসমীয়াক দি গ’ল কেইবাটাও কালজয়ী গীত। ‘এই আকাশ বৰ বিশাল’, ‘তোমাৰ মৰমে মোক’, ‘কেতিয়াবা বেজাৰতে’, ‘মোৰ মিনতি’ ইত্যাদি অসমীয়া সংগীত জগতলৈ ৰাণা দাই আগবঢ়োৱা অনবদ্য উপহাৰ(Remembering Jayanta Hazarika On 81th Birth Anniversary)।

‘নতুন আশা’ ছবিখনৰ গীতৰেকৰ্ড কৰিবলৈ কলিকতালৈ গৈ হঠাতে অসুস্থ হৈ পৰে তেওঁ। অসুস্থতাৰ পিছতে ১৯৭৭ চনৰ ১৫ অক্টোবৰত ৩৪ বছৰ বয়সত মৃত্যুক আঁকোৱালি লয় যশস্বী শিল্পীগৰাকীয়ে।

লগতে পঢ়ক : Atma Balidan Divas 2024 : আজি ২০ ছেপ্টেম্বৰ, ছহিদ দিৱস