Local, Vocal, Global

ADRE Question Paper Leak : ভাইৰেল ADREৰ প্ৰশ্নকাকত! গ্ৰেপ্তাৰ ৩জনক,আটক ১০ জনক

নিউজ ডেস্ক,১৭ছেপ্তেম্বৰ : ভাইৰেল ADREৰ প্ৰশ্নকাকত! ম’বাইলে ম’বাইলে ভিডিঅ’ আকাৰে ভাইৰেল হৈছে প্ৰশ্নকাকত! PDF ফৰ্মেটৰ প্ৰশ্নকাকতৰ ভিডিঅ’ বনাই ভাইৰেল কৰা হৈছে ছচিয়েল মিডিয়াত।

ধেমাজি জিলাৰ চিমেনচাপৰিত অনুষ্ঠিত হোৱা ADREৰ তৃতীয় বৰ্গৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লগতে ১০ জনক সোধাপোছাৰ বাবে আটক কৰিছে ৷

গ্ৰেপ্তাৰ হোৱা তিনিজন ক্ৰমে ফটোগ্ৰাফাৰ মংগল সিং বসুমতাৰী , কেন্দ্ৰটোৰ নিৰীক্ষক মনোহৰ নাৰ্জাৰী আৰু পৰীক্ষাৰ্থী দ্বীজেন বড়ো বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে ফটোগ্ৰাফাৰ মঙ্গল সিং বসুমতাৰীয়ে ম’বাইলত ফটো উঠাই আত্মীয় লৈ প্ৰেৰণ কৰিছিল প্ৰশ্নকাকত(ADRE Question Paper Leak) ৷

ঘটনাৰ সংক্ৰান্তত মঙলবাৰে পুৱাৰে পৰা ধেমাজি আৰক্ষীয়ে ধেমাজি সদৰ আৰক্ষী থানাত সোধাপোছা অবাহত ৰাখিছে ।

লগতে পঢ়ক : Supected Murder in Barpeta : পত্নীৰ ৰহস্যজনক মৃত্যু; যৌতুকৰ বাবেই হত্যাৰ অভিযোগ