Local, Vocal, Global

PM Modi Extends Wishes On Occasion Of Milad-un-Nabi :দেশবাসীক মিলাদ-উন-নৱীৰ শুভেচ্ছা ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ : আজি ইছলাম ধৰ্মীলোকসকলৰ ঈদ মিলাদ-উন-নৱী । ইছলাম ধৰ্মীলোকসকলে উদযাপন কৰিছে ঈদ মিলাদ-উন-নৱী ।

ঈদ মিলাদ-উন-নৱী উপলক্ষে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগতে বিভিন্নজনে দেশবাসীক শুভকামনা জনাইছে(PM Modi Extends Wishes On Occasion Of Milad-un-Nabi)।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে, “ঈদ মুবাৰক ! মিলাদ-উন-নৱী উপলক্ষে শুভেচ্ছা । সম্প্ৰীতি আৰু একতা সদায়ে বিৰাজ কৰক । চাৰিওফালে আনন্দ আৰু সমৃদ্ধি বিৰাজ কৰক ।”

প্ৰধানমন্ত্ৰীৰ লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীলৈ প্ৰেৰণ কৰা এক বাৰ্তা ।বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, পয়গম্বৰ মহম্মদে সমতাৰ ওপৰত আধাৰিত এখন মানৱ সমাজৰ উদাহৰণ স্থাপন কৰিছিল । সামাজিক মাধ্যমৰ পোষ্টত তেওঁ লিখিছে, “পয়গম্বৰ মহম্মদৰ জন্মদিন পৱিত্ৰ মিলাদ-উল-নৱী উপলক্ষে মই সকলো দেশবাসীক, বিশেষকৈ মুছলমান ভাই-ভনীসকলক অভিনন্দন জনাইছো । পয়গম্বৰ মহম্মদে সমতাৰ ওপৰত আধাৰিত এখন মানৱ সমাজৰ এক আশ্চৰ্যকৰ উদাহৰণ স্থাপন কৰিছিল । তেওঁ ধৈৰ্য্যৰে সত্যৰ পথ অনুসৰণ কৰিবলৈও শিকাইছে । এই উপলক্ষে আমি সকলো ব্যৱহাৰিক জীৱনত তেওঁৰ শিক্ষাসমূহ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিওঁ আৰু দেশৰ উন্নয়নৰ বাবে সক্ৰিয় হৈ থাকো ।”

লগতে পঢ়ক : One held with a machete in Hojai: হোজাইত পিষ্টলসহ আটক এজন লোকক