Local, Vocal, Global

Cycling Trip to kedarnath Dham : চাইকেল চলাই কেদাৰনাথ ধামলৈ যাত্ৰা দুই যুৱকৰ

নিউজ ডেস্ক,১৬ছেপ্তেম্বৰ : জামুগুৰিহাটত দুই যুৱকৰ প্ৰশংসনীয় পদক্ষেপক

জামুগুৰিহাটৰ ২নং বৰদিকৰাই মিৰি গাঁৱৰ লীলা তামাঙ আৰু শংকৰ তামাঙ নামৰ দুজন যুৱকে বিশ্ব শান্তিৰ কামনা আৰু পৰিবেশ সংৰক্ষণৰ উদেশ্যেৰে চাইকেল চলাই প্ৰায় ২৪০০ কি:মি: দুৰত্বৰ কেদাৰনাথ ধামলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে(Cycling Trip to kedarnath Dham)।

এই চাইকেল যাত্ৰাৰ মূহুৰ্তত দুই যুৱকক স্থানীয় ৰাইজৰ লগতে উত্তৰ জামুগুৰি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা‌ৰ সভাপতি হেমু লিম্বু আৰু সম্পাদক ৰুদ্ৰ চেত্ৰীয়ে শুভেচ্ছা জনায়। দুয়োকে একোখনকৈ ফুলাম গামোছাৰে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মংগলময় যাত্ৰাৰ কামনা কৰে ৰাইজ তথা সংগঠনটোৱে ৷

লগতে পঢ়ক : Road accident in Orang : শোকাৱহ দুৰ্ঘটনা;থিতাতে নিহত দুজন যুৱক