Local, Vocal, Global

CBI arrests Sandip Ghosh, police officer for alleged delay in FIR registration : অৱশেষত চি বি আয়ে গ্ৰেপ্তাৰ কৰিলে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক

নিউজ ডেস্ক,১৫ছেপ্তেম্বৰ : অৱশেষত চি বি আয়ে গ্ৰেপ্তাৰ কৰিলে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক ।
জানিব পৰা মতে,, প্ৰমাণ লুকুওৱা আৰু তদন্তক ভুল পথে পৰিচালিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে সন্দীপ ঘোষক(CBI arrests ex-RG Kar principal, cop for delay in FIR, missing evidence)।

সন্দীপ ঘোষৰ লগতে আজি টালা থানাৰ অ’চি অভিজিৎ মণ্ডলকো একেটা অভিযোগত গ্ৰেপ্তাৰ কৰিছে চিবিআয়ে। ইয়াৰ পূৰ্বেও আৰ জি কৰ হাস্পতালৰ দুৰ্নীতিৰ তদন্তত সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰিছিল চিবিআয়ে। এইবাৰ মূল গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে, কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ গোচৰৰ পিছতেই বহুকেইটা অভিযোগ উঠিছিল ৷ দেশজুৰি ভুক্তভোগী চিকিৎসকগৰাকীৰ ন্য়ায়ৰ দাবীত প্ৰতিবাদৰ জোৱাৰ উঠে(CBI arrests Sandip Ghosh, police officer for alleged delay in FIR registration) ৷

এই ঘটনাৰ তদন্তত নামি পিছদিনাই গ্ৰেপ্তাৰ কৰা হয় সঞ্জয় ৰয় নামৰ এজন চিভিক ভলেণ্টিয়াৰক। ইয়াৰ পিছতে এই গোচৰৰ তদন্তৰ দায়িত্ব লৈ সন্দীপ ঘোষক ক্ৰমাগতভাৱে ১৪ দিন জেৰা কৰে চিবিআয়ে। তেওঁৰ পলিগ্ৰাফ টেষ্টো কৰা হয়।

চিবিআই সূত্ৰৰ খবৰ অনুসৰি, আৰ জি কৰ হাস্পতলত চিকিৎসকৰ মৃতদেহ উদ্ধাৰৰ পিছত তৎকালীন অধ্যক্ষ হিচাপে সন্দীপ ঘোষৰ যি ভূমিকা আছিল, তাক লৈ যথেষ্ট প্ৰশ্ন আছে।

বৰ্তমান প্ৰেচিডেন্সী জে’লত বন্দী হৈ আছে সন্দীপ ঘোষ। হত্যা আৰু অপকৰ্মৰ গোচৰত সন্দীপ ঘোষক জিম্মাত লোৱাৰ বাবে দেওবাৰে আদালতত আৱেদন জনাব চিবিআয়ে।

লগতে পঢ়ক : Zamfara boat accident: শোকাৱহ নাও দুৰ্ঘটনা; নিহত ৬৪জনৰো অধিক লোক