Local, Vocal, Global

Eviction drive turns fatal in Sonapur: সোণাপুৰৰ কচুতলীবাসীৰ বাবে জাননী জাৰি;তিনিদিনৰ ভিতৰত ঘৰ খালী কৰিব লাগিব অবৈধভাৱে বসবাস কৰি থকা লোকে

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলীত সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই জাননী জাৰি কৰে।

কচুতলী অঞ্চলৰ ট্টাইবেল‌ বেল্ট আৰু ব্লক এলেকাত অবৈধভাৱে বসবাস কৰি থকা লোকক তিনিদিনৰ ভিতৰত ঘৰ খালী কৰাৰ বাবে সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই জাননী জাৰি কৰে(Eviction drive turns fatal in Sonapur) ।

এই সন্দৰ্ভত সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নিতুল খাটনিয়াৰে কয়, “সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ ট্টাইবেল‌ বেল্ট আৰু ব্লক এলেকাত অবৈধভাৱে বসবাস কৰি থকা লোকক তিনিদিনৰ ভিতৰত ঘৰ খালী কৰাৰ বাবে জাননী দিয়া হৈছে । তিনিদিন পিচত ঘৰ খালী নকৰিলে তেওঁলোকক উচ্ছেদ কৰা হ’ব ।”

তেওঁ লগতে কয় যে , “যিসকলে বৈধ প্ৰমাণ পত্ৰ দিব পাৰিব, তেওঁলোকক ৰেহাই দিয়া‌ হ’ব । বৰ্তমান এলেকাটোত উচ্ছেদ অভিযান স্থগিত আছে ।”

ইফালে শুকুৰবাৰে বিয়লিভাগত সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ উচ্ছেদস্থলীত AIUDF ৰ ধিঙৰ বিধায়ক আমিনুল ইছলাম, জনীয়াৰ বিধায়ক ৰফিকুল ইছলাম, দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমান আৰু লগতে কেইবাগৰাকীও AIUDF ৰ নেতা-কৰ্মী কচুতলী অঞ্চলত প্ৰৱেশ কৰাৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল । জানিব পৰা মতে বৰ্তমানো অঞ্চলটোত অব্যাহত আছে চেপা উত্তেজনা ।

লগতে পঢ়ক :FM Sitharaman Discusses Investment Opportunities : দিল্লীত আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন বিত্ত নিগমৰ প্ৰতিনিধি দলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ