Ganja Seized in Jamugurihat : চাৰিদুৱাৰত জব্দ বুজন পৰিমাণৰ গাঞ্জা;আটক দুই সৰবৰাহকাৰী
জামুগুৰিহাট,৯ছেপ্তেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Ganja Seized in Jamugurihat)।
চাৰিদুৱাৰত জব্দ প্ৰায় ডেৰ কুইন্টল গাঞ্জা। অৰুণাচল প্ৰদেশৰ পৰা AS-01-EM-6316 নম্বৰৰ এখন চুইফট ডিজায়াৰ বাহনেৰে নি থকা অৱস্থাত চাৰিদুৱাৰ আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰে।
এক গোপন সূত্ৰৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীয়ে গাঞ্জা সহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
ধৃত সৰবৰাহকাৰী দুজন ক্ৰমে চিৰাজুলিৰ দিপাংকৰ দাস আৰু পৱিত্ৰ কুড়াল বুলি চিনাক্ত। ইফালে জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ১০ লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰিছে। জানিব পৰা মতে, অৰুণাচলৰ পৰা মাজবাটলৈ নি আছিল গাঞ্জাখিনি।