Local, Vocal, Global

Police Officials Attacked During Eviction : সোণাপুৰত উচ্ছেদ চলাবলৈ যোৱা আৰক্ষী বাহিনীৰ ওপৰত আক্ৰমণ ৰাইজৰ

নিউজ ডেস্ক,১২ছেপ্তেম্বৰ : বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰ ৷ ৰাজ্যৰ একাংশ বনাঞ্চল, চৰকাৰী ভূমি আদিত অবৈধভাৱে বসতি স্থাপন কৰা লোকসকলক বিতাড়নৰ বাবেই প্ৰশাসনে গ্ৰহণ কৰিবলগীয়া হৈছে এই কঠোৰ পদক্ষেপ(Police Officials Attacked During Eviction in Sonapur)।

সোণাপুৰৰ কচুতলীত উত্তপ্ত পৰিস্থিতি। উচ্ছেদ চলাবলৈ যোৱা আৰক্ষী বাহিনীৰ ওপৰত আক্ৰমণ।

উচ্ছেদ চলাবলৈ যোৱা আৰক্ষীৰ গাড়ীলৈ শিলগুটি নিক্ষেপ বেদখলকাৰীৰ। হাতে-হাতে দা-লাঠী লৈ ওলাই আহিল বেদখলকাৰী। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষীয়ে।

ঘটনাত এগৰাকী দণ্ডাধীশ আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয় আৰক্ষী জোৱানসকল(Police Officials Attacked During Eviction)।

লগতে পঢ়ক :Sankor jyoti baruah resigns AASU : ‘আছু’ৰ পৰা অব্যাহতি ল’লে শংকৰজ্যোতি বৰুৱাই