Local, Vocal, Global

Assam ADRE Exam 2024: তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে এন এফ ৰে’লৱেৰ ১২ খন বিশেষ ৰে’লৰ ব্যৱস্থা

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ: ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত । অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলৰ যাতায়াতৰ সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ খন বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে(Assam ADRE Exam 2024) ।

ইয়াৰ উপৰিও নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীৰ অতিৰিক্ত ভিৰ চম্ভালিবলৈ দুখনকৈ নিয়মীয়া ৰে’লৰ সেৱা সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । এন এফ ৰে’লৱেই এক চৰকাৰী বিবৃতিত এই কথা প্ৰকাশ কৰিছে(NF Railway introduces 12 exam special trains for Assam candidates) ।

কি কি ৰে’ল ক’ত চলিব-

ৰে’ল নং 05157 (আলিপুৰদুৱাৰ-গুৱাহাটী): 14 ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাত আলিপুৰদুৱাৰৰ পৰা ৰাওনা হৈ পিছদিনা পুৱা 4.55 বজাত গুৱাহাটী পাব এই ৰে’লখন । উভতনিৰ দিশত ৰে’ল নং 05158 (গুৱাহাটী-আলিপুৰদুৱাৰ) 15 ছেপ্টেম্বৰৰ নিশা ৮ বজাত গুৱাহাটীৰ পৰা ৰাওনা হ’ব আৰু পিছদিনা পুৱা 7.30 বজাত আলিপুৰদুৱাৰ পাব ।


ৰে’ল নং 05159 (আলিপুৰদুৱাৰ-বঙাইগাঁও): 14 ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাত আলিপুৰদুৱাৰৰ পৰা ৰাওনা হ’ব আৰু পিছদিনা নিশা 1 বজাত বঙাইগাঁও পাব । উভতনি দিশত ৰে’ল নং 05160 (বঙাইগাঁও-আলিপুৰদুৱাৰ) 15 ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাত বঙাইগাঁৱৰ পৰা ৰাওনা হ’ব আৰু পিছদিনা নিশা 1.45 বজাত আলিপুৰদুৱাৰ পাব ।


ৰে’ল নং 05161 (মৰিয়নী-নাৰেংগী) : 14 ছেপ্টেম্বৰৰ আবেলি ৪ বজাত মৰিয়নীৰ পৰা ৰাওনা হ’ব আৰু পিছদিনা পুৱা 4.55 বজাত নাৰেংগী পাব । উভতনি দিশত ৰে’ল নং 05162 (নাৰেংগী-মৰিয়নি) 15 ছেপ্টেম্বৰৰ নিশা ৮.২৫ বজাত নাৰেংগীৰ পৰা ৰাওনা হ’ব আৰু পিছদিনা পুৱা 9 বজাত মৰিয়নী পাব ।


ৰে’ল নং 05175 (হয়বৰগাঁও-গুৱাহাটী) : 14 ছেপ্টেম্বৰৰ নিশা ১১.৩০ বজাত হয়বৰগাঁৱৰ পৰা ৰাওনা হ’ব আৰু পিছদিনা পুৱা 4 বজাত গুৱাহাটী পাব । উভতনি দিশত ৰে’ল নং 05176 (গুৱাহাটী-হয়বৰগাঁও) 15 ছেপ্টেম্বৰৰ নিশা ৭.০৫ বজাত গুৱাহাটীৰ পৰা ৰাওনা হ’ব আৰু একেদিনাই নিশা ১১.১৫ বজাত হয়বৰগাঁও পাব ।


ৰে’ল নং 05179 (কৰিমগঞ্জ-শিলচৰ) : কৰিমগঞ্জৰ পৰা 14 ছেপ্টেম্বৰৰ নিশা ৮ বজাত ৰাওনা হ’ব আৰু একেদিনাই নিশা ১০.৩০ বজাত শিলচৰ পাব । উভতনি দিশত ৰে’ল নং 05180 (শিলচৰ-কৰিমগঞ্জ) 15 ছেপ্টেম্বৰৰ সন্ধিয়া 5 বজাত শিলচৰৰ পৰা ৰাওনা হ’ব আৰু একেদিনাই নিশা 2.40 বজাত কৰিমগঞ্জ পাব ।


ৰে’ল নং 05181 (কৰিমগঞ্জ-শিলচৰ) : কৰিমগঞ্জৰ পৰা 15 ছেপ্টেম্বৰৰ পুৱা 4 বজাত ৰাওনা হ’ব আৰু একেদিনাই পুৱা 6.40 বজাত শিলচৰ পাব । উভতনি দিশত ৰে’ল নং 05182 (শিলচৰ-কৰিমগঞ্জ) 15 ছেপ্টেম্বৰৰ নিশা ৬ বজাত শিলচৰৰ পৰা ৰাওনা হ’ব আৰু একেদিনাই নিশা ১১.৪০ বজাত কৰিমগঞ্জত উপস্থিত হ’ব ।


ৰে’ল নং 05183 (ডিব্ৰুগড়-লিডু) : 14 আৰু 15 ছেপ্টেম্বৰত সন্ধিয়া ৬ বজাত ডিব্ৰুগড়ৰ পৰা ৰাওনা হ’ব আৰু ক্ৰমান্বয়ে একেদিনাই নিশা ১০ বজাত লিডু পাব । উভতনি দিশত ৰে’ল নং 05184 (লিডু-ডিব্ৰুগড়) 15 আৰু 16 ছেপ্টেম্বৰত আবেলি 4 বজাত লিডুৰ পৰা ৰাওনা হ’ব আৰু ক্ৰমান্বয়ে একেদিনাই পুৱা 8 বজাত ডিব্ৰুগড় পাব ।


ৰে’ল নং 05185 (জামিৰা-শিলচৰ) : 14 আৰু 15 ছেপ্টেম্বৰত নিশা ৯ বজাত জামিৰাৰ পৰা ৰাওনা হ’ব আৰু ক্ৰমান্বয়ে পিছদিনা পুৱা 10 বজাত শিলচৰ পাব । উভতনি দিশত ৰে’ল নং 05186 (শিলচৰ-জামিৰা) শিলচৰৰ পৰা 15 আৰু 16 ছেপ্টেম্বৰত নিশা 1 বজাত ৰাওনা হ’ব আৰু ক্ৰমান্বয়ে একেদিনাই পুৱা 4 বজাত জামিৰা পাব ।


ৰে’ল নং 05177 (জামিৰা-শিলচৰ) : 14 ছেপ্টেম্বৰত পুৱা 10 বজাত জামিৰাৰ পৰা ৰাওনা হ’ব আৰু একেদিনাই দিনৰ ১১.১০ বজাত শিলচৰ পাব । উভতনি দিশত ৰে’ল নং 05178 (শিলচৰ-জামিৰা) 14 ছেপ্টেম্বৰৰ দিনৰ ২ বজাত শিলচৰৰ পৰা ৰাওনা হ’ব আৰু সন্ধিয়া ৫.১০ বজাত জামিৰা পাব ।


ৰে’ল নং 05197 (জামিৰা-শিলচৰ) : 14 ছেপ্টেম্বৰত সন্ধিয়া ৬ বজাত জামিৰাৰ পৰা ৰাওনা হ’ব আৰু একেদিনাই নিশা ৯.১৫ বজাত শিলচৰ পাব । উভতনি দিশত ৰে’ল নং 05198 (শিলচৰ-জামিৰা) 14 ছেপ্টেম্বৰৰ নিশা ১০ বজাত শিলচৰৰ পৰা ৰাওনা হ’ব আৰু পিছদিনা নিশা ১ বজাত জামিৰা পাব ।


ৰে’ল নং 05103 (জামিৰা-শিলচৰ) : 15 ছেপ্টেম্বৰৰ পুৱা 3 বজাত জামিৰাৰ পৰা ৰাওনা হ’ব আৰু একেদিনাই পুৱা 6.15 বজাত শিলচৰ পাব । উভতনি দিশত ৰে’ল নং 05104 (শিলচৰ-জামিৰা) 15 ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাত শিলচৰৰ পৰা ৰাওনা হ’ব আৰু একেদিনাই নিশা ৯ বজাত জামিৰা পাব ।


ৰে’ল নং 05187 (মুৰ্কংচেলেক-কামাখ্যা) : 14 ছেপ্টেম্বৰৰ দিনৰ ২.৩০ বজাত মুৰ্কংচেলেকৰ পৰা ৰাওনা হ’ব আৰু পিছদিনা পুৱা 5 বজাত কামাখ্যা পাব । উভতনি দিশত ৰে’ল নং 05188 (কামাখ্যা-মুৰ্কংচেলেক) 15 ছেপ্টেম্বৰৰ নিশা ৭.৪৫ বজাত কামাখ্যাৰ পৰা ৰাওনা হ’ব আৰু পিছদিনা পুৱা 10:30 বজাত মুৰ্কংচেলেক পাব ।


সেৱা সম্প্ৰসাৰণ : ইয়াৰ উপৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেই কেইবাখনো ৰে’লৰ সেৱাও সম্প্ৰসাৰিত কৰিছে ।

সেইকেইখন হৈছে : 14 ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ ৰে’ল নং 15703/15704 (নিউ জলপাইগুৰি-বঙাইগাঁও-নিউ জলপাইগুৰি) এক্সপ্ৰেছ কামাখ্যালৈকে সম্প্ৰসাৰিত কৰা হ’ব আৰু 05801/05802 (নিউ বঙাইগাঁও-গুৱাহাটী-নিউ বঙাইগাঁও) পেছেঞ্জাৰ কোকৰাঝাৰলৈ সম্প্ৰসাৰিত কৰা হ’ব ।


ৰে’ল নং 15703 (নিউ জলপাইগুৰি-কামাখ্যা) : বঙাইগাঁৱৰ পৰা 14 আৰু 15 ছেপ্টেম্বৰত সন্ধিয়া ৫.১০ বজাত ৰাওনা হ’ব আৰু ক্ৰমান্বয়ে একেদিনাই নিশা ১০ বজাত কামাখ্যা পাব । উভতনি দিশত ৰে’ল নং 15704 (কামাখ্যা-নিউ জলপাইগুৰি) 15 আৰু 16 ছেপ্টেম্বৰত নিশা ১২.০৫ বজাত কামাখ্যাৰ পৰা ৰাওনা হ’ব আৰু ক্ৰমান্বয়ে একেদিনাই পুৱা 4.30 বজাত বঙাইগাঁও পাব ।


ৰে’ল নং 05802 (গুৱাহাটী-কোকৰাঝাৰ) : নিউ বঙাইগাঁৱৰ পৰা 14 আৰু 15 ছেপ্টেম্বৰত নিশা ১০.৩০ বজাত ৰাওনা হ’ব আৰু ক্ৰমান্বয়ে একেদিনাই নিশা ১১.৪৫ বজাত কোকৰাঝাৰ পাব । উভতনি দিশত ৰে’ল নং 05801 (কোকৰাঝাৰ-গুৱাহাটী) কোকৰাঝাৰৰ পৰা 15 আৰু 16 ছেপ্টেম্বৰৰ নিশা 2 বজাত ৰাওনা হ’ব আৰু ক্ৰমান্বয়ে একেদিনাই পুৱা 3 বজাত নিউ বঙাইগাঁও পাব ।

লগতে পঢ়ক :Three Bangladeshi nationals detained :ভাৰত-বাংলাদেশ সীমান্তত আটক ৩ বাংলাদেশীক