Massive Rs 100 crore scam surfaces in Baksa : কোটি কোটি টকা আত্মসাৎ কৰি অন্তৰ্ধান হোৱা মাইনাও ব্ৰহ্মৰ মুছলপুৰৰ বাসগৃহ ছীল কৰিলে প্ৰশাসনে

নিউজ ডেস্ক,১১ছেপ্তেম্বৰ : কোটি কোটি টকা আত্মসাৎ কৰি অন্তৰ্ধান হোৱা মাইনাও ব্ৰহ্মৰ মুছলপুৰৰ বাসগৃহ ছীল কৰিলে প্ৰশাসনে(Massive Rs 100 crore scam surfaces in Baksa ।
জানিব পৰা মতে, মঙলবাৰে দুপৰীয়া ১২ বজাৰ পৰা সন্ধিয়ালৈকে আৰক্ষী-প্ৰশাসনে তেওঁ বাসগৃহত তালাচী অভিযান চলাইছিল । তালাচীত বাসগৃহৰ পৰা বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷
পাঁচ ঘণ্টা ধৰি অবিৰত তালাচী চলোৱাৰ পিছত সন্ধিয়া ৫:২৫ বজাত দণ্ডাধীশ আৰু উপ আৰক্ষী অধীক্ষক বদৰুল ইছলাম মজুমদাৰৰ উপস্থিতিত ছীল কৰা হয় বাসগৃহটো ।সম্প্ৰতি তদন্তৰ খাতিৰত মাইনাও ব্ৰহ্ম সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে প্ৰশাসনৰ লোক ৷
লগতে পঢ়ক :National Forest Martyrs Day 2024 : আজি বন শ্বহীদ দিৱস