Local, Vocal, Global

Poet Nilamani Phukan’s 92th birthday celebrated :আজি কাব্যঋষি নীলমণি ফুকনৰ ৯২ সংখ্যক জন্মদিন

নিউজ ডেস্ক,১০ছেপ্তেম্বৰ : আজি কাব্যঋষি নীলমণি ফুকনৰ ৯২ সংখ্যক জন্মদিন।

১৯৩৩ চনৰ ১০ ছেপ্তেম্বৰৰ দিনটোতেই কবি, সাহিত্যিক তথা অধ্যাপক নীলমণি ফুকনৰ জন্ম হৈছিল। অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সূদুৰপ্ৰসাৰী প্ৰভাৱ পেলাই এই গৰাকী নমস্য কবিয়ে লিখিছিল গোলাপী জামুৰ লগ্ন, নিৰ্জনতাৰ শব্দ আদি অনেক কবিতা।

তেওঁ ইতিহাস বিষয়ত ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । তেওঁ ১৯৫০ চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰে । ১৯৬৪ চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে আৰু ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰে(Poet Nilamani Phukan’s 92th birthday celebrated )।

‘কবিতা’ শীৰ্ষক স্ব-নিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে প্ৰয়াত নীলমণি ফুকন ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । ১৯৯০ চনত ভাৰত চৰকাৰ তৰফৰ পৰা পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰা হয় এইগৰাকী মনিষীক ৷ ইয়াৰোপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল’ ২০০২ চনত প্ৰদান কৰা হয় ।

কবি ফুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘‘ডি লীট’’ উপাধি প্ৰদান কৰে । নতুন দিল্লীস্থিত ভাৰতীয় জ্ঞানপীঠে ২০২১ চনত নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰে ৷ জ্ঞানপীঠ বঁটা লাভ কৰা কবি নীলমণি ফুকন হৈছে তৃতীয়গৰাকী অসমীয়া সাহিত্যিক ।

কবি নীলমণি ফুকন আছিল অসমীয়া ভাষাৰ এগৰাকী শ্ৰেষ্ঠ কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক । তেখেতৰ উল্লেখযোগ্য কৰ্ম হ’ল ‘‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’’, ‘কবিতা’, আৰু ‘‘গোলাপী জামুৰ লগ্ন’’ ।

২০২৩চনৰ ১৯ জানুৱাৰীত কাব্যঋষি নীলমণি ফুকনে অসমৰ সাহিত্যৰ বৰপথাৰ উকা কৰি অজান দেশলৈ গুচি গৈছিল। বাগ্মীবৰ নীলমণি ফুকন দেৱৰ জন্ম তিথিত তেখেতলৈ শ্ৰদ্ধা নিবেদিছোঁ৷

লগতে পঢ়ক :Tragic incident : চোকা অস্ত্ৰৰে শিশুক আক্ৰমণ ২ দুৰ্বৃত্তৰ