Local, Vocal, Global

Burmese supari seized in Parbatjhora :পৰ্বতঝোৰাত জব্দ এখন চুপাৰী ভৰ্তি ট্ৰাক

নিউজ ডেস্ক,১০ছেপ্তেম্বৰ : ৰাজ্যত বিভিন্ন নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সমান্তৰালকৈ বাৰ্মিজ চুপাৰীৰ সৰবৰাহ আৰু বানিজ্যৰ বিৰুদ্ধেও আৰক্ষীয়ে চলাই গৈছে অভিযান । আৰক্ষীৰ তীব্ৰ অভিযানৰ লগত ফেৰ মাৰি অসাধু চক্ৰই বিভিন্ন পন্থাৰে চলাই গৈছে নিষিদ্ধ বাৰ্মিজ চুপাৰীৰ অবৈধ ব্যৱসায় ।

নতুন নতুন কৌশলেৰে বহিঃ ৰাজ্যলৈ সৰবৰাহ কৰিছে অবৈধ চুপাৰী। পৰ্বতঝোৰাত জব্দ এখন চুপাৰী ভৰ্তি ট্ৰাক(Burmese supari seized in Parbatjhora)।

বগৰীবাৰী আৰক্ষীয়ে গোপন খবৰৰ ভিক্তিত অভিযান চলাই AS-01-RC-3907 পঞ্জীয়ন নম্বৰৰ সন্দেহযুক্ত বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে।

উল্লেখ্য যে ট্ৰাকখনে বৰপেটাৰ পৰা ৫৮টা সন্দেহযুক্ত বাৰ্মিজ চুপাৰী ভৰ্তি বস্তা তলত ৰাখি ওপৰত ৰঙা লাও ভৰ্তি কৰি চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ শিলিগুৰীলৈ সৰবৰাহ কৰিবলৈ লওতেই আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন। বৰপেটাৰ ৰাজু নামৰ দালাল এজনৰ নেতৃত্বত নিতৌ অসম পৰা অবৈধ চুপাৰী বহিঃ ৰাজ্যলৈ সৰবৰাহহৈ থকা বুলি ট্ৰাক চালকৰ স্বীকাৰোক্তিত প্ৰকাশ পাইছে। ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক বগৰীবাৰী আৰক্ষীয়ে আটক কৰি অধিক তথ্যৰ বাবে মাৰথন জেৰা অব্যাহত ৰাখিছে।

লগতে পঢ়ক :Sensational Murder In Chabua :শোৱাপাটীৰ পৰা জগাই ঘৰৰ চৌহদতে জলসম্পদ বিভাগৰ কৰ্মচাৰীক হত্যা দুৰ্বৃত্তৰ