Two Bangladeshi nationals detained : কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত দুই বাংলাদেশী নাগৰিকৰ অসমত অনুপ্ৰৱেশৰ চেষ্টা
নিউজ ডেস্ক,৯ছেপ্তেম্বৰ : অব্যাহত আছে বাংলাদেশী নাগৰিকৰ অসমত প্ৰৱেশৰ চেষ্টা ।ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ সীমান্তৱৰ্তী বিভিন্ন অঞ্চলত বহু বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্রেপ্তাৰ কৰিছে লগতে ৰাজ্য চৰকাৰে অসমত বহু অবৈধ বিদেশীক চিনাক্তকৰণৰ প্ৰক্ৰিয়া জোৰদাৰ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে । তেনে সময়তে অসম আৰক্ষীয়ে পুনৰ দুই বাংলাদেশী নাগৰিকক অনুপ্ৰৱেশত বাধা দিয়ে(Two Bangladeshi nationals detained)।
দেওবাৰে নিশা কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত দুই বাংলাদেশী নাগৰিকে অসমত অনুপ্ৰৱেশৰ বাবে চেষ্টা চলাইছিল ।
বাংলাদেশী নাগৰিক দুগৰাকী শ্বাহাদত হুছেইন আৰু প্ৰিয়ংকা গেইন বুলি জানিব পৰা গৈছে । তেওঁলোকক কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত আটক কৰা হয় । পৰৱৰ্তী সময়ত তেওঁলোকক সীমান্তৰ সিপাৰে বাংলাদেশলৈ পুনৰ ঘূৰাই পঠিওৱা হয়(Two Bangladeshi nationals detained)।
এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে এক্সত এটা পোষ্টত কয়, “অনুপ্ৰৱেশৰ বিৰুদ্ধে আমি সম্পূৰ্ণৰূপে সজাগ আৰু সচেতন হৈ আছো ৷ কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত আমাৰ অসম আৰক্ষীয়ে শ্বাহাদত হুছেইন আৰু প্ৰিয়ংকা গেইন নামৰ দুগৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰে ৷ পিচত তেওঁলোকক সীমান্তৰ সিপাৰে বাংলাদেশলৈ ঘূৰাই পঠিয়ায় ৷ দিনে-নিশাই অহৰহ সীমান্তত পহৰা দি অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে সেৱা আগবঢ়োৱা আমাৰ আৰক্ষীৰ কৰ্মৰ শলাগ ল’লো ৷”