Local, Vocal, Global

Daily Horoscope for 9th August : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপুনি সামাজিক স্বীকৃতি লাভ কৰিব পাৰে। আৰ্থিক লাভৰ যোগ আছে। আপোনাৰ ব্যক্তিগত জীৱন সুখ আৰু পৰিতৃপ্তিৰে ভৰি পৰিব । আজি আপুনি বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে।

বৃষ ৰাশি: আজি গোটেই দিনটো আপুনি আনন্দত থাকিব । আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব । আপোনাৰ সকলো কাম পৰিকল্পনা অনুসৰি সম্পন্ন হ’ব । আৰ্থিক লাভৰ যোগ আছে । অসমাপ্ত কাম সমাপ্ত কৰিব । পিতৃ-মাতৃৰপৰা সুসংবাদ পাব ।

মিথুন ৰাশি: স্বামী বা স্ত্ৰী আৰু সন্তানৰ স্বাস্থ্যক লৈ এই সপ্তাহটো চিন্তাত থাকিব । তৰ্ক-বিতৰ্কৰ পৰা দূৰত থাকক । আপোনাক লাঞ্ছনা কৰাৰ সুযোগ কাকো নিদিব । বন্ধুসকলৰ নামত ব্যয় কৰিবলগীয়া হ’ব পাৰে আপুনি । পেটৰ সমস্যা দেখা দিব পাৰে ।

কৰ্কট ৰাশি: বেয়া চিন্তাই আজি আপোনাক বিষণ্ণ কৰি ৰাখিব । আজি আপুনি আনন্দ-উত্সাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব । পৰিয়ালৰ লোকৰ সৈতে বিবাদৰ সম্ভাৱনা আছে। ব্যয় বৃদ্ধি হ’ব পাৰে আৰু আপুনি ব্যৰ্থতাৰ মুখামুখি হ’ব পাৰে ।

সিংহ ৰাশি: ঈশ্বৰৰ আশীৰ্বাদত আজি গোটেই দিনটো আপোনাৰ আনন্দ আৰু শান্তিৰে পাৰ হ’ব। প্ৰত্যেক সম্পৰ্ক আৱেগিক গভীৰতা আপুনি উপলব্ধি কৰিব। ওচৰৰ কোনোবা পৰ্যটন ক্ষেত্ৰলৈ ফুৰিব যাব পাৰে ।

কন্যা ৰাশি: সাংসাৰিক পৰিৱেশ আনন্দময় হৈ থাকিব । বৌদ্ধিক আলোচনাৰপৰা দূৰত থাকক । আজি আপুনি মিঠাই আদি খাই আনন্দ পাব পাৰে। ভ্ৰমণৰ যোগ আছে। ব্যয় নিয়ন্ত্ৰণ কৰক ।

তুলা ৰাশি: আজি আপুনি নিজৰ আৰ্থিক দিশটোৰ পৰিকল্পনা প্ৰণালীবদ্ধভাৱে ঠিক কৰিব । আজি আপোনাৰ সৃজনশীল মন উত্তম অৱস্থাত আছে বাবে বহুতো সৃজনশীল চিন্তাধাৰা আপোনাৰ মনত উপজিব । আজি আপুনি সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হৈ থাকিব । আপুনি আজি কামত মনোযোগী হ’ব আৰু সময়ত কাম শেষ কৰিব পাৰিব । আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব পাৰে । আনন্দ আৰু মনোৰঞ্জনৰ নামত আপুনি আজি বহুত টকা খৰছ কৰিবলগীয়া হ’ব পাৰে ।

বৃশ্চিক ৰাশি: আপুনি নিজৰ আগ্ৰাসী মনোভাৱ আৰু কথাবতৰাক নিয়ন্ত্ৰণ কৰি ৰাখক । উদ্বেগ আৰু শাৰীৰিক সমস্যাৰ কাৰণে আজি আপুনি বিভ্ৰান্ত হৈ থাকিব । গাড়ী চলাওঁতে অত্যন্ত সাৱধানে থাকিব, কিয়নো দুৰ্ঘটনা হোৱাৰ আশংকা আছে । সম্ভৱ হ’লে চাৰ্জাৰী নকৰাব আজি । আজি আপুনি প্ৰিয়জন আৰু পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত হ’ব পাৰে।

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে ফলদায়ক । আজি আপুনি আৰ্থিক, সামাজিক আৰু ব্যক্তিগত ক্ষেত্ৰত লাভবান হ’ব পাৰে । আপুনি নিজৰ প্ৰিয়জনসকলৰ সৈতে সুখকৰ ভ্ৰমণত যাব পাৰে । ব্যৱসায়ৰ কাৰণে দিনটো ভাল । সংসাৰত শান্তি বিৰাজ কৰিব ।

মকৰ ৰাশি: আপোনাৰ পৰিয়াল আজি আপোনাৰ আনন্দৰ কাৰণ হ’ব পাৰে । বন্ধু আৰু প্ৰিয়জনসকলক লগ পাই আপুনি আনন্দ পাব পাৰে। ব্যৱসায়ৰ কাৰণে ধনৰ যোগাৰ কৰাৰ সময়ত সমস্যাত পৰিব পাৰে । কিন্তু সমস্যাত পৰিলে আপোনাৰ লাভহে হ’ব । কৰ্মক্ষেত্ৰত আপুনি অধিক ধন আৰু অধিক সন্মান অৰ্জন কৰিব ।

কুম্ভ ৰাশি: নিজৰ প্ৰতিযোগীসকলৰ সৈতে বিবাদত লিপ্ত নহ’ব । আজি আপুনি শাৰীৰিকভাৱে সুস্থ নাথাকিব পাৰে । এলেহুৱা ভাৱে আপোনাক আমনি দি থাকিব । তথাপি আপুনি মানসিক আনন্দ উপভোগ কৰিব ।

মীন ৰাশি: অনৈতিক কাৰ্যকলাপত যুক্ত হৈ আপুনি বিপদত পৰিব পাৰে । নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰাখক । আপোনাৰ স্বাস্থ্যক লৈ সাৱধানে থাকক । নেতিবাচক মনোভাৱে আপোনাৰ ব্যক্তিগত জীৱনৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে, এইবোৰ মনলৈ আহিব নিদিব । আপোনাৰ আৰাধ্য দেৱতাৰ উপৰত শ্ৰদ্ধা বিশ্বাসৰ জোৰত আপুনি সঠিক দিশা লাভ কৰিব ।